মৰিগাঁৱৰ আপোন গাঁওখনত সম্পন্ন হ’ল মণিপুৰৰ ভূমিস্খলনত নিহত শ্ৰমিকৰ অন্ত্যোষ্টিক্ৰিয়া, শোকবিহ্বল গাঁওবাসী

নিউজ ডেস্কঃ শোকৰ বন্যা নামিছে মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত খোৰাগোঁসাইবাৰী গাঁৱত। সোমবাৰে পুৱাই গাঁওখনৰ দুজনকৈ যুৱকৰ চিতা একেলগে জ্বলি উঠাৰ সময়তে শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ গাঁওখনত। দুটা দিনৰ ভিতৰতে গাঁওখনৰ ৬জনকৈ লোকৰ জ্বলি উঠা চিতাই বাকহীন কৰি তুলিছে সকলোকে।

মণিপুৰৰ নোনে জিলাৰ টুপুলত সংঘটিত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুৱাইছিল মৰিগাঁও জিলাৰ এইসকল শ্ৰমিকে। পেটৰ তাড়নাতৰ পৰিয়ালৰ পৰা দূৰলৈ গৈ কাম কৰিবলগীয়া হোৱা শ্ৰমিকসকলৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছিল পৰিয়াল আৰু গাঁওবাসীক।

কিন্তু দেওবাৰে সন্ধিয়া যেতিয়া ৪ শ্ৰমিকৰ মৃতদেহ স্বগৃহলৈ অনা হয়, তাৰ পিছতে কান্দোনত ভাগি পৰে গাঁওবাসী আৰু পৰিয়াল। তাৰ পিছতে সোমবাৰে পুনৰ দুগৰাকী শ্ৰমিকৰ নশ্বৰ দেহ অনা হয় আপোন গাঁওখনলৈ। য’ত গাঁওবাসীৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত সম্পন্ন কৰা হয় অন্ত্যোষ্টিক্ৰিয়া।

laharighat
মৰিগাঁৱৰ আপোন গাঁওখনত সম্পন্ন হ’ল মণিপুৰৰ ভূমিস্খলনত নিহত শ্ৰমিকৰ অন্ত্যোষ্টিক্ৰিয়া, শোকবিহ্বল গাঁওবাসী 2

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া মণিপুৰৰ টুপুলৰ পৰা মৰিগাঁৱৰ স্বগৃহলৈ অনা হৈছিল গোপাল ফুকন, দীপাংকৰ বৰদলৈ, হৰমোহন ডেকা, পল্লৱ লোৰামৰ নশ্বৰ দেহ। দেওবাৰে সন্ধিয়াই গাঁওবাসীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত গাঁওখনত সম্পন্ন কৰা হৈছিল বহিঃৰাজ্যত প্ৰাণ হেৰুওৱা শ্ৰমিক কেইজনৰ অন্তিম সংস্কাৰ।

তাৰ পিছতে সোমবাৰে পুৱা মৰিগাঁৱলৈ লৈ অনা হয় মমিন ডেকাৰজা আৰু বুগেন্দ্ৰ ফুকন নামৰ আন দুজন শ্ৰমিকৰ নশ্বৰ দেহ। সোমবাৰেও গাঁওবাসীয়ে এক শোকাকুল পৰিৱেশত সম্পন্ন কৰে দুই শ্ৰমিকৰ অন্ত্যোষ্টিক্ৰিয়া।

ইফালে আজি পুৱাৰ ভাগত টুপুলৰ পৰা অসমলৈ অনা হয় ভূমিস্খলনত আহত মৰিগাঁৱৰ আন ৫ গৰাকী শ্ৰমিকক। এই শোকাবহ ভূমিস্খলনৰ ঘটনাত এতিয়াও মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ ১০ গৰাকী শ্ৰমিক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।