গৌৰৱৰ ক্ষণ! পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জন অসম কন্যা বক্সাৰ যমুনা বড়োৰ

নিউজ ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয়ৰে পুনৰ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে খ্যাতিসম্পন্ন বক্সাৰ অসম কন্যা যমুনা বড়োৱে।

বিশ্বৰ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ‘এলৰ্ডা কাপ’ত ৰূপৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ ককঢ়িয়াই আনে অসমৰ তাৰকা বক্সাৰগৰাকীয়ে।

উল্লেখ্য যে, কাজাখাস্তানৰ ৰাজধানী চহৰ নুৰ চুলতানত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। বক্সিং প্ৰতিযোগিতাখনৰ ৫৪ কেজি শাখাত দূৰ্দান্ত প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰে যমুনাই।

jamuna boro
গৌৰৱৰ ক্ষণ! পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জন অসম কন্যা বক্সাৰ যমুনা বড়োৰ 2

২০২৪ত অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই থকা অসম কন্যা যমুনা বড়োৱে অলিম্পিকৰ পূৰ্বে আন আন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিব বিচাৰে।

ইফালে বক্সাৰ গৰাকীয়ে কাজাখাস্তানত অনুষ্ঠিত এলৰ্ডা কাপত পদক অৰ্জন কৰা যমুনা বড়োক অভিনন্দন জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংহালে।

জানিব পৰা মতে, কাজাখাস্তানৰ পৰা অহা ৮ জুলাইত দিল্লীত উপস্থিত হ’ব যমুনা বড়ো। তাৰ পৰা দুদিনৰ বাবে স্বগৃহলৈ আহিব বক্সাৰগৰাকী।