ক’লৈ গ’ল দীপিকা? সন্ধানহীন কন্যাক বিচাৰি নাপায় হাহাকাৰ লাগিছে পৰিয়ালত…

এক চাঞ্চল্যকৰ ঘটনা।

ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত বাইলুংভেটিৰ পৰা সন্ধানহীন এগৰাকী ছাত্ৰী।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে শনিবাৰৰ সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছে ছাত্ৰীগৰাকী।

image 30
ক’লৈ গ’ল দীপিকা? সন্ধানহীন কন্যাক বিচাৰি নাপায় হাহাকাৰ লাগিছে পৰিয়ালত... 3

সন্ধানহীন যুৱকীগৰাকী টিংখাঙৰ বাইলুংভেটি ভেটিনাৰী তিনিআলিৰ ৰামপ্ৰসাদ সিঙৰ ১৮ বছৰীয়া কন্যা দীপিকা সিং।

ইতিমধ্য পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই দীপিকাৰ।

image 31
ক’লৈ গ’ল দীপিকা? সন্ধানহীন কন্যাক বিচাৰি নাপায় হাহাকাৰ লাগিছে পৰিয়ালত... 4

পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যেই টিংখাং আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

কোনো লোকে ছাত্ৰীগৰাকীৰ সম্ভেদ পালে টিংখাং আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।