ভয়াবহ! চলন্ত ৰে’লৰ ইঞ্জিনত দপদপাই‌ জ্বলি উঠিল জুই

নিউজ ডেস্কঃ চলি থকা ট্ৰেইনৰ ইঞ্জিনত হঠাৎ সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই আতংকিত কৰি তোলে এখন যাত্ৰীবাহী ৰে’লৰ যাত্ৰী আৰু ৰে’ল কৰ্মীক।

এই ভয়ংকৰ কাণ্ড সংঘটিত হয় বিহাৰত। ৰাজ্যখনৰ ভেলৱা ৰে’ল ষ্টেছনৰ ওচৰত এখন যাত্ৰীবাহী ৰে’লৰ ইঞ্জিনত দেওবাৰে পুৱা সংঘটিত হয় অগ্নিকাণ্ড। ৰক্সৌলৰ পৰা বিহাৰৰ নৰকটিয়াগঞ্জলৈ গৈ থকা ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ৰে’লখন ৰখাই দিয়া হয়।

ইফালে এই ভয়াবহ অগ্নিকাণ্ডৰ পিছতে তাৎক্ষণিকভাৱে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ ৰে’লখনৰ ইঞ্জিনৰ পৰা জুই নিৰ্বাপনৰ চেষ্টা চলায়। এই জুই বিয়পি পৰিবলৈ সক্ষম নোহোৱাত ৰে’লখন অধিক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰে বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ পিছত ৰে’লখনৰ সকলো যাত্ৰীক সুকলমে নমাই অনা হয়। আনহাতে এই ঘটনাৰ পিছত কিছুসময়ৰ বাবে নিৰ্দিষ্ট ৰে’লপথেৰে ৰে’লৰ চলাচল ব্যাহত হৈ পৰে।