ধনৰ অভাৱত সম্পন্ন হোৱা নাছিল অনাথ পদ্মিনীৰ বিয়া! সেই সময়তে দেৱদূত হৈ কাষত থিয় দিলে ২ বিএছএফ জোৱান

নিউজ ডেস্কঃ পৰিয়ালৰ লোক সকল বিপদৰ সময়ত ইজনে সিজনক সহায় কৰাটো স্বাভাৱিক কথা। তেজৰ সম্পৰ্কই বান্ধি ৰাখে আত্মীয়তাৰ বান্ধোন। কিন্তু কিছুমান এনে লোকো থাকে যি তেজৰ সম্পৰ্কৰ উৰ্ধ্বত গৈ নিঃস্বাৰ্থভাবে পালন কৰে কিছুমান দায়িত্ব।

তেনে এক নিঃস্বাৰ্থ ভাতৃ-ভগ্নীৰ সম্পৰ্ক দেখা গ’ল উৰিষ্যাৰ এখন সৰু গাঁৱত।

উৰিষ্যাৰ জাজপুৰ জিলাৰ ৰামপা গাঁৱত জীয়াৰী পদ্মিনী বেহেৰা। পদ্মিনীয়ে সাত বছৰ পূৰ্বে তেওঁৰ মাতৃক হেৰুৱাছিল। তাৰ পিছতে ২০১৯ চনত পিতৃকো হেৰুৱাই নিথৰুৱা হৈ পৰে পদ্মিনী।

পিতৃ-মাতৃ দুয়োৰে হেৰুওৱাৰ পিছত একমাত্ৰ ভাতৃক লগত লৈ দৈনিক মজুৰি কৰি অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি আহিছিল পদ্মিনীয়ে।

জীৱনৰ জটিলতাৰ মাজতে যোৱা বছৰ এগৰাকী ব্যৱসায়ীৰ সৈতে বিয়াৰ কথা চলে পদ্মিনীৰ। কিন্তু ধনৰ অভাৱত এই বিয়াখন আয়োজন কৰিবলৈ সাহস কৰা নাছিল পদ্মিনীয়ে।

এনেতে দেৱদূতৰূপে পদ্মিনীৰ কাষত থিয় দিছিল গাঁৱৰে দুই জোৱান ভাতৃ চিৰঞ্জিত আৰু সংগ্ৰাম। নিজ ভাতৃৰ দৰে দায়িত্ব পালন কৰি তেওঁলোকে ধুমধামেৰে সম্পন্ন কৰিলে পদ্মিনীৰ বিবাহ।

marrige
ধনৰ অভাৱত সম্পন্ন হোৱা নাছিল অনাথ পদ্মিনীৰ বিয়া! সেই সময়তে দেৱদূত হৈ কাষত থিয় দিলে ২ বিএছএফ জোৱান 2

দৰাচলতে, পদ্মিনীৰ খবৰটো সশস্ত্ৰ সীমা বল (এছএছবি)ৰ জোৱান চিৰঞ্জিত বেহেৰাই তেওঁৰ মাতৃৰ পৰা লাভ কৰিছিল। চিৰঞ্জিতে বিষয়টো তেওঁৰ সহকৰ্মী তথা বন্ধু সংগ্ৰাম নায়কক জনায়। তাৰ পিছত, দুয়োজনে সিদ্ধান্ত লয় যে তেওঁলোকে ককায়েক হিচাপে পদ্মিনীৰ বিয়াৰ দায়িত্ব ল’ব।

তাৰ পাছতে চিৰঞ্জিত আৰু সংগ্ৰামে কামৰ পৰা ছুটি লৈ ৰামপা গাঁৱলৈ যায় আৰু দুয়ো বন্ধুৱে নিজৰ হাতেৰে বিয়াৰ আয়োজন কৰে।

চিৰঞ্জিতে কয়, “ছোৱালীজনীয়ে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে। তেওঁৰ কাষত থিয় হ’বলৈ কোনো নাই। গতিকে তেওঁৰ ককায়েক হিচাপে আমি বিবাহৰ সকলো দায়িত্ব লৈছিলোঁ। এই শুভকামৰ অংশ হ’বলৈ পায় বৰ ভাল লাগিছে।”

চিৰঞ্জিত আৰু সংগ্ৰামে তেওঁলোকৰ সামৰ্থ্য অনুযায়ী পদ্মিনীক সহায় কৰিবলৈ পায় সুখ প্ৰকাশ কৰে। স্থানীয় ৰাইজেও তেওঁলোকৰ মহানুভৱতাক ভূয়সী প্ৰশংসা কৰে।