এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ’ খাৱৈত সোমালগৈ ইন’ভা বাহন।
গোলাঘাট জিলাৰ খুমটাই ৰাজহচক্ৰৰ অন্তৰ্গত বাদুলীপাৰত শনিবাৰে সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনাটো।
এই ঘটনাত চালক তথা আৰোহীৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও কেইগৰাকী গুৰুতৰ ভাৱে আহত হয়।
জানিব পৰা মতে, যোৰহাট দিশৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰ বেগত আহি থকা এখন ইন’ভা বাহন বাদুলীপাৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই আৰু ঘাইপথৰ কাষতে থকা দ খাৱৈত সোমাই পৰে।
উল্লেখ্য যে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৪ লেন যুক্ত পথ নিৰ্মাণকাৰী সংস্থাই কাণ্ডজ্ঞানহীন ভাৱে খন্দা দ’ পুখুৰীৰ বাবেই নিতৌ এনে দুৰ্ঘটনাৰ সৃষ্টি হৈ আহিছে।
অবিজ্ঞানসন্মত ভাৱে খন্দা এনে গাঁত সমূহ পুতিবলৈ দল সংগঠন তথা স্থানীয় ৰাইজে বহুবাৰ পথ নিৰ্মাণকাৰী সংস্থা তথা জিলা প্ৰশাসনক অনুৰোধ জনাই আহিছে যদিও বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
ঘটনাৰ খবৰ পোৱাৰ পিছত স্থানীয় আৰক্ষীৰ লোক ঘটনাস্থলিত উপস্থিত হয় আৰু দুৰ্ঘটনাগ্ৰস্থ বাহনখন উদ্ধাৰ কৰে।
লগতে স্থানীয় ৰাইজৰ সহযোগত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।









