চাঞ্চল্যকৰ! আৰক্ষী থানাৰ সন্মুখতে দুৰ্বৃত্তই জ্বলাই দিলে দুখনকৈ ট্ৰাক…

এক চাঞ্চল্যকৰ ঘটনা, আৰক্ষী থানাৰ সন্মুখতে দুৰ্বৃত্তই জ্বলাই দিলে দুখনকৈ ট্ৰাক।

গহপুৰত সংঘটিত হৈছে এই ঘটনা।

হেলেম থানাৰ সন্মুখতে দুৰ্বৃত্তই জ্বলাই দিলে জব্দকৃত দুখনকৈ ট্ৰাক।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল অৰুণাচলী সুৰা কঢ়িওৱা দুখন ট্ৰাক।

ট্ৰাক দুখনৰ নম্বৰ হৈছে এমএন-০১-৯৫৪৭ আৰু এএছ-০১ এনচি-৪২৮৬।

অৰুণাচলী সুৰা কঢ়িওৱা ট্ৰাক দুখন জব্দ কৰিছিল বিহালী আৰক্ষীয়ে।

নিশাৰ ভাগত দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি জ্বলাই দিয়ে ট্ৰাক দুখন।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।