পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত নিহত ২টাকৈ কুখ্যাত ডকাইত…

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।

এইবাৰ শিলচৰ আৰক্ষীৰ গুলীত নিহত দুটাকৈ কুখ্যাত ডকাইত।

নিহত ডকাইত দুজন হৈছে- কামৰুল ইছলাম, আমৰুল হুছেইন।

কিছুদিন পূৰ্বে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কামৰুল ইছলামক। আনহাতে আমৰুলৰ বিৰুদ্ধেও আছে বহু ডকাইতিৰ গোচৰ।

image 18
পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত নিহত ২টাকৈ কুখ্যাত ডকাইত... 2

শিলচৰ সহ কাছাৰৰ বিভিন্ন থানাত কামৰুল আৰু আমৰুলৰ বিৰুদ্ধে ডকাইতিৰ গোচৰ ৰুজু হৈ আছিল।

নিশা দুই ডকাইত লগত লৈ কাটিগড়াৰ গুমড়াত তদন্তৰ কাৰনে উপস্থিত হৈছিল আৰক্ষী৷

কিন্তু উভতি অহাৰ সময়ত আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰে ডকাইত দুই জনে৷

সেই সময়ত আৰক্ষীয়ে কামৰুল আৰু আমৰুলক লক্ষ্য কৰি গুলি চলাই৷

যাৰ ফলত নিহত হয় ডকাইত দুটা। বৰ্তমানে শিলচৰ মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে দুয়োৰে মৃতদেহ৷