দুৰ্গা পূজাৰ SOP সন্দৰ্ভত কি কলে কণ্ঠশিল্পী দীপলীনা ডেকাই?

ক’ভিড নীতি মানি ৰাজ্যত শাৰদীয় উৎসৱসমূহ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

দুৰ্গা পূজা উদযাপন সন্দৰ্ভতো কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

ইয়াৰ মাজতে দুৰ্গা পূজাৰ SOP সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাই।

দুৰ্গা পূজাক লৈ চৰকাৰে জাৰি কৰা SOPৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাই।

তেওঁ কয়- ‘চৰকাৰে যি সিদ্ধান্ত লৈছে ভাবি-চিন্তিয়ে লৈছে৷ ৰাইজৰ ভালৰ বাবেই নিশ্চয় চৰকাৰে এই সিদ্ধান্ত লৈছে৷ বৰ্তমানেও ক’ভিড শেষ হোৱা নাই, কিন্তু তাৰ মাজতে চৰকাৰে নীতি নিয়মৰ মাজেৰে ৰাইজক দুৰ্গা পূজা পালন কৰিবলৈ আহ্বান জনাইছে৷ এয়া ভাল কথা।’

উল্লেখ্য যে, দুৰ্গা পূজা অনুষ্ঠিত হ’ব যদিও সাংস্কৃতিক অনুষ্ঠানত নিষেধাজ্ঞা আৰোপ কৰাক লৈ একাংশ শিল্পীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অৱশ্যে চৰকাৰে জাৰি কৰা SOP লৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে কণ্ঠশিল্পী দীপলীনা ডেকাই।

Leave a Comment