ঘৰলৈ উভতিয়েই সম্পন্ন কৰাৰ কথা আছিল অসুস্থ পিতৃৰ অস্ত্ৰোপচাৰ! মণিপুৰৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে সেনা জোৱান শংকৰে

নিউজ ডেস্কঃ সোনকালে ঘৰলৈ অহাৰ কথা দিও উভতি আহিবলৈ সক্ষম নহ’ল শংকৰ ছেত্ৰী। যাৰ বাবে আজি তেওঁৰ মৃত্যুৰ বাতৰি লাভ কৰিয়েই শোকত ভাগি পৰিছে পৰিয়ালটো।

মণিপুৰৰ নোনে জিলাৰ টুপুলত সংঘটিত প্ৰচণ্ড ভূমিস্খলনত শ্বহীদ হয় উত্তৰ বংগৰ মালবজাৰৰ নগৰকাতাৰ নিৱাসী শংকৰ ছেত্ৰীৰো। সেনা জোৱানজনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে শোকত ভাগি পৰে তেওঁৰ পৰিয়াল।

ছেত্ৰী পৰিয়ালৰ সূত্ৰ অনুসৰি মণিপুৰৰ নোনে জিলাত ৰেলপথ নিৰ্মাণ প্ৰকল্পৰ সময়ত নিৰাপত্তাৰ দায়িত্বত আছিল জোৱান শংকৰ ছেত্ৰী। হঠাতে সংঘটিত প্ৰচণ্ড ভূমিস্খলনত গুৰুতৰভাৱে আহত হয় শংকৰ। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে জোৱানজনৰ।

photo1656679373
ঘৰলৈ উভতিয়েই সম্পন্ন কৰাৰ কথা আছিল অসুস্থ পিতৃৰ অস্ত্ৰোপচাৰ! মণিপুৰৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে সেনা জোৱান শংকৰে 2

পৰিয়ালে জানিবলৈ দিয়া মতে, শংকৰ ছেত্ৰীয়ে শেষবাৰৰ বাবে বুধবাৰে সন্ধিয়া কথা পাতিছিল পৰিয়ালৰ সৈতে। তাৰ পিছতে বৃহস্পতিবাৰে তেওঁলোকে লাভ কৰে দুঃসংবাদটো।

দুই এদিনতে শংকৰে ছুটিত ঘৰলৈ যোৱাৰ কথা দিছিল পত্নীক। ঘৰলৈ উভতি আহিয়েই অসুস্থ পিতৃৰ এটা অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল শংকৰে। এটি ৫ বছৰীয়া কন্যা সন্তানৰ পিতৃ শংকৰ ছেত্ৰীয়ে সৰুৰে পৰাই সেনাত ভৰ্তি হোৱাৰ সপোন দেখিছিল। এই সপোন অৱশেষত পূৰণ হৈছিল শংকৰৰ। আনহাতে ৪ মাহ পূৰ্বে জোৱানজনক মনিপুৰলৈ বদলি কৰা হৈছিল।