উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি জ্বলি উঠিল অটো ৰিক্সা! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫ শ্ৰমিকৰ

নিউজ ডেস্কঃ গৈ থকা সময়তে এখন অটো ৰিক্সা উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি প্ৰাণ হেৰুৱায় ৫ জন লোকে। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ সত্য সাই জিলাত।

খবৰ অনুসৰি, বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ সত্য সাই জিলাৰ তাডিমাৰী ব্লকৰ চিল্লাকোন্দইয়া পল্লী গাঁৱৰ সমীপত প্ৰায় ১০ জন যাত্ৰী কঢ়িয়াই অনা এখন অটো ৰিক্সা বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ পিছতে উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে। যাৰ ফলত বাহনখনত অগ্নিকাণ্ড সংঘটিত হয় সেই জুইত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱায় ৫ জন যাত্ৰীয়ে।

vlcsnap 2022 06 30 15h26m52s818
উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি জ্বলি উঠিল অটো ৰিক্সা! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫ শ্ৰমিকৰ 3

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন ৪ জনক লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, এই শোকাবহ দুৰ্ঘটনাত পতিত হোৱা অটো খনৰ আটাইকেইজন লোকেই কৃষি খেতিপথাৰৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল। দুৰ্ঘটনাৰ সময়ত তেওঁলোকে কৰ্মস্থলীলৈ গৈ আছিল।

vlcsnap 2022 06 30 15h26m08s759
উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি জ্বলি উঠিল অটো ৰিক্সা! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫ শ্ৰমিকৰ 4

ইফালে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দ্ৰনে এই ঘটনাত শোক ব্যক্ত কৰাৰ লগতে নাগৰিকৰ উদাসীনতাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ ব্যক্ত কৰে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ ৰাজ্যপাল গৰাকীয়ে আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

আনহাতে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে সত্য সাই জিলাৰ চিল্লাকোন্দইয়াপল্লী গাঁৱত সংঘটিত অটো দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শ্ৰমিক কেইজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহতৰ পৰিয়ালক ১০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰে।

ঘটনাটোত আহত হোৱা সকলক উন্নত চিকিৎসা সেৱা আগবঢ়াবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ৰেড্ডীয়ে।