অসম

বিজেপিত যোগদান কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ…

কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ বিজেপিত যোগদান।

বিজেপিত যোগদান কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ।

ছাত্রমুক্তি সংগ্রাম সমিতিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হৈছিল অভিষেক মহন্ত।

তেজস্বী সূৰ্যৰ উপস্থিতিত যুৱ মৰ্চাত যোগদান অভিষেক মহন্তৰ।

image 274

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰে অভিষেকে।

বিজেপিত যোগদান কৰি অভিষেকে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম কৰাৰ দুৰ্বাৰ হেঁপাহ আছে। বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত যোগদান কৰিছো। যিহেতু কটন বিশ্ববিদ্যালয় বহু সমস্যাৰে জৰ্জৰিত। হিমন্ত বিশ্ব শৰ্মাই সেই সমস্যা সমাধান কৰিব বুলি আশাবাদী।’

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্যৰ উপস্থিতিত কটন বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰৰ লগতে ৩০০ ৰো অধিক যুৱকে যোগদান কৰে।