শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি জিলিকিল আব্দুল, মেট্ৰিকৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিকত লাভ কৰিলে ইমান শতাংশ নম্বৰ

নিউজ ডেস্কঃ শাৰীৰিক অক্ষমতাকো নেওচি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলিকি উঠিল চাংসাৰীৰ আব্দুল মজিদ আলী।

৩টা বিষয়ত লেটাৰ মাৰ্কসহ বিজ্ঞান শাখাত ৮২.২ শতাংশ নম্বৰেৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় আব্দুল।

image 2022 06 28 14 50 46
শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি জিলিকিল আব্দুল, মেট্ৰিকৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিকত লাভ কৰিলে ইমান শতাংশ নম্বৰ 5

উল্লেখ্য যে, চাংসাৰীৰ ভাড়াঘৰত পৰিয়ালৰ সৈতে বাস কৰা আব্দুল মজিদ আলী বিশেষভাৱে সক্ষম। কিন্তু শাৰিৰীক প্ৰতিবন্ধকতাক নেওচি বাইহাটাৰ ৰামানুজন একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ পৰিয়ালৰ লগতে বিদ্যায়খনলৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় আব্দুলে।

image 2022 06 28 14 45 14
শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি জিলিকিল আব্দুল, মেট্ৰিকৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিকত লাভ কৰিলে ইমান শতাংশ নম্বৰ 6

আব্দুলৰ পিতৃ মহম্মদ শুকুৰ আলী হৈছে এফচিআইৰ এজন কৰ্মচাৰী।

ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ সপোন দেখে আব্দুলে।

সেয়েহে তেওঁ যাতে নিজৰ লক্ষ্যত উপনীত হ’বলৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে আব্দুল আৰু তেওঁৰ পৰিয়ালে।

image 2022 06 28 14 46 54
শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি জিলিকিল আব্দুল, মেট্ৰিকৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিকত লাভ কৰিলে ইমান শতাংশ নম্বৰ 7

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ দৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো কৃতিত্ব অৰ্জন কৰিছিল আব্দুলে।

মেট্ৰিকত ৮৫.৫ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা আব্দুল মজিদ আলীৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ দায়িত্ব বহন কৰিছিল বাইহাটাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজন একাডেমীয়ে।

লগতে চাওকঃ

পেট্ৰ’ল পাম্পত কাম কৰি ৪টা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ’ল মনােজ…

photo 2022 06 28 13 31 56
শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি জিলিকিল আব্দুল, মেট্ৰিকৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিকত লাভ কৰিলে ইমান শতাংশ নম্বৰ 8