ছীট বে’ল্টেই কাল হ’ল নেকি চাৰি বন্ধুৰ! কান্দি কান্দি সকলো ক’লে কথমপি প্ৰাণ ৰক্ষা পৰা শচীনে…

ৰাজ্য জোকাৰি যোৱা এটা অতি শোকাৱহ পথ দুৰ্ঘটনা।

মঙলবাৰে পুৱাই কলিয়াবৰৰ কাঞ্চনজুৰিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছিল চাৰিজনকৈ যুৱক।

গুৱাহাটীৰ পৰা যোৰহাটলৈ একেলগেই যাত্ৰা আৰম্ভ কৰিছিল ৫ বন্ধুৱে। কিন্তু নিয়তিয়ে যেন মৃত্যুৰ বাবেই মাতি নিছিল সেই ৫ বন্ধুৰ ৪ জনক।

image 2022 06 28 16 24 53
ছীট বে’ল্টেই কাল হ’ল নেকি চাৰি বন্ধুৰ! কান্দি কান্দি সকলো ক’লে কথমপি প্ৰাণ ৰক্ষা পৰা শচীনে... 7

হঠাতে কাঞ্চনজুৰিত নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দ-খাৱৈত সোমাই গৈছিল হোণ্ডাই অ’ৰা বাহনখন।

image 2022 06 28 16 25 10
ছীট বে’ল্টেই কাল হ’ল নেকি চাৰি বন্ধুৰ! কান্দি কান্দি সকলো ক’লে কথমপি প্ৰাণ ৰক্ষা পৰা শচীনে... 8

যাৰ ফলত কৰুণ মৃত্যুক আকোৱালি লৈছিল যোৰহাটৰ ৰোহিত দাস(২৩), ঋষভ দাস(১৯) অংকুৰ জ্যোতি বৰা(২০) আৰু মাজুলীৰ ৰাহুল সেনাপতিয়ে(২০)। 

নিহত ৰোহিত দাস, ঋষভ দাস আৰু ৰাহুল সেনাপতি যোৰহাট জেবি কলেজৰ ছাত্ৰ। অংকুৰজ্যোতি দত্ত এজন ক্ষুদ্ৰ ব্যৱসায়ী।

image 2022 06 28 16 25 00
ছীট বে’ল্টেই কাল হ’ল নেকি চাৰি বন্ধুৰ! কান্দি কান্দি সকলো ক’লে কথমপি প্ৰাণ ৰক্ষা পৰা শচীনে... 9

ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে কোনোমতে খিৰিকিৰ আইনা ভাঙি ওলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰে শচীন বৰদলৈয়ে। কিন্তু আন ৪ জনে শৰীৰত চিট বেল্ট লগাই থোৱাৰ বাবে নোৱাৰিলে ওলাই আহিব।

লাগে লাহে বাহন খন পানীৰ মাজত সোমাই পৰে। আৰু তিল তিলকৈ মৃত্যু দিশে গৈ অৱশেষত প্ৰাণ ত্যাগ কৰে চাৰি বন্ধুৱে।

image 2022 06 28 16 24 48
ছীট বে’ল্টেই কাল হ’ল নেকি চাৰি বন্ধুৰ! কান্দি কান্দি সকলো ক’লে কথমপি প্ৰাণ ৰক্ষা পৰা শচীনে... 10

অশেষ চেষ্টা কৰিয়ো চিট বেল্ট খুলিব নোৱাৰিল ৰোহিত দাস(২৩), ঋষভ দাস(১৯) অংকুৰ জ্যোতি বৰা(২০) আৰু ৰাহুল সেনাপতি(২০)য়ে। 

image 2022 06 28 16 25 05
ছীট বে’ল্টেই কাল হ’ল নেকি চাৰি বন্ধুৰ! কান্দি কান্দি সকলো ক’লে কথমপি প্ৰাণ ৰক্ষা পৰা শচীনে... 11

শচীন বৰদলৈৰ চকুৰ সমুখতে মৃত্যু হয় হাঁহি ফুৰ্তিৰে একেলগে যাত্ৰা কৰা লগৰ ৪ বন্ধুৰ।

শচীনে কান্দি কান্দি কয়- মোৰ সমুখতেই সকলো শেষ হৈ গ’ল।

লগতে চাওকঃ

অসমৰ পৰা গৈ দিল্লীত প্ৰতিষ্ঠিত হোৱা বিশিষ্ট চিকিৎসক ডাঃ পিংকী মহন্ত নাথৰ বিয়োগ

G2 19
ছীট বে’ল্টেই কাল হ’ল নেকি চাৰি বন্ধুৰ! কান্দি কান্দি সকলো ক’লে কথমপি প্ৰাণ ৰক্ষা পৰা শচীনে... 12