কৰ্মহীন হ’ল ২৫শ চাহ শ্ৰমিক! কাছাৰৰ ডলু চাহ বাগিচাত লক আউট ঘোষণা

নিউজ ডেস্কঃ মঙলবাৰৰ পৰা লক আউট জাৰি কৰা হৈছে কাছাৰ জিলাৰ ডলু চাহ বাগিচাত। চাহ বাগিচাখনে সন্মুখীন হোৱা অপূৰণীয় ক্ষতিৰ পৰিপ্ৰেক্ষিতত লক আউট ঘোষণা কৰিছে বাগিচা পৰিচালনা সমিতিয়ে।

বাগিচাখনত লক আউট ঘোষণা হোৱাৰ পিছতে ডলু চাহ বাগিচাত কৰ্মৰত হৈ থকা ১৫০০ স্থায়ী শ্ৰমিক আৰু ১০০০ অস্থায়ী শ্ৰমিক অনিৰ্দিষ্ট সময়লৈ কৰ্মহীন হৈ পৰে।

চাহ বাগিচাখনৰ উপ-প্ৰবন্ধক সুপ্ৰিয়া শিকদাৰে মঙলবাৰে জাৰি কৰা এক জাননীত উল্লেখ কৰা মতে চাহ বাগিচাৰ বৃহৎ সংখ্যক শ্ৰমিকে বাগিচা পৰিচালনা সমিতিৰ দৈনিক নিয়োগ নিৰ্দেশ অমান্য কৰি আহিছে।

image 2022 06 28 16 00 43
কৰ্মহীন হ’ল ২৫শ চাহ শ্ৰমিক! কাছাৰৰ ডলু চাহ বাগিচাত লক আউট ঘোষণা 4

জাননীখনত উল্লেখ কৰা অনুসৰি সম্পূৰ্ণ আইনহীনতা আৰু শ্ৰমিকসকলৰ দায়বদ্ধহীনতাৰ বাবে উৎপাদিত চাহৰ পৰিমাণ আৰু গুণগত মানৰ ক্ষেত্ৰত ডলু চাহ বাগিচাৰ পৰিচালনা সমিতিয়ে অপূৰণীয় ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে।

image 2022 06 28 16 00 16
কৰ্মহীন হ’ল ২৫শ চাহ শ্ৰমিক! কাছাৰৰ ডলু চাহ বাগিচাত লক আউট ঘোষণা 5

যাৰ ফলত বাগিচাখনত লক আউট ঘোষণা কৰিবলৈ বাধ্য হোৱা বুলি পৰিচালনা সমিতিয়ে উল্লেখ কৰি লগতে কয় যে এই সময়ছোৱাত চিকিৎসালয়, ৱাৰ্ড আৰু নিৰাপত্তাকে ধৰি জৰুৰীকালীন সেৱা, পানী যোগান আৰু বিদ্যুতৰ বাহিৰে চাহ বাগিচাখনৰ সকলো কাম-কাজ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে।

image 2022 06 28 16 01 18
কৰ্মহীন হ’ল ২৫শ চাহ শ্ৰমিক! কাছাৰৰ ডলু চাহ বাগিচাত লক আউট ঘোষণা 6

লক-আউটৰ সময়ছোৱাত কৰ্মচাৰীসকলে কোনো ধৰণৰ মজুৰি, ৰেচন আৰু আনুষংগিক সুবিধা লাভ নকৰিব বুলিও জাননীত উল্লেখ কৰা হৈছে।