অসম আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ বাংলাদেশী দুই পিতা-পুত্ৰ…

ধুবুৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুজনকৈ বাংলাদেশী নাগৰিক।

বাংলাদেশৰ নাগৰিক দুজন মকবুল হুছেইন(৪২) আৰু তেওঁৰ পুত্ৰ বাছিৰ সেখ(১৭) বুলি জানিব পৰা গৈছে।

মকবুল হুছেইনৰ ঘৰ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ কঠালবাৰী বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰ হোৱা দুয়োকে বৰ্তমানে ধুবুৰী সদৰ আৰক্ষী থানালৈ লৈ আনা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে বাংলাদেশী দুজনক অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

বাংলাদেশী দুজনক আশ্ৰয় দিয়া ধুবুৰী বগুলামাৰী দ্বিতীয় খণ্ডৰ ছিদ্দিক আলী সেখ আৰু আশাদুল আলীকো ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Leave a Comment