খুচবু হাৰলালকাৰ স্বীকাৰােক্তিৰ ভিত্তিত নগাঁৱৰ কোষাগাৰৰ কৰ্মচাৰী সঞ্জীৱ মিশ্ৰক গ্ৰেপ্তাৰ…

পুনৰ আৰক্ষীৰ জালত নগাঁও কোষাগাৰৰ কৰ্মচাৰী৷

কোষাগাৰৰ গাণনিক সঞ্জীব মিশ্ৰক গ্ৰেপ্তাৰ কৰে নগাঁও সদৰ থানাৰ আৰক্ষীয়ে৷

নগাঁও চহৰৰ পলিটেকনিকৰ ওচৰৰ বাসগৃহৰ পৰা সঞ্জীব মিশ্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

উল্লেখ্য যে, বুধবাৰে আৰক্ষীয়ে নগাঁও কোষাগাৰৰ পৰা নিম্নবৰ্গ গাননিক সহায়িকা খুচবু হৰলালকাক উৎকোচ লোৱা অবস্থাত কৰায়ত্ব কৰিছিল৷

ইয়াৰ পিছতে আৰক্ষীৰ জেৰাত খুচবুয়ে সহযোগী হিচাবে গাননিক সঞ্জীব মিশ্ৰ থকা বুলি স্বীকাৰোক্তি দিয়ে।

তাৰ পাছতে আৰক্ষীয়ে সঞ্জীৱ মিশ্ৰকো গ্ৰপ্তাৰ কৰে৷

আৰক্ষীৰ মতে মিশ্ৰৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ একাধিক অভিযোগ আছে৷

বৃহস্পতিবাৰে উৎকোচৰ অভিযোগত অভিযুক্ত সঞ্জীব মিশ্ৰ আৰু খুচবুৰ হৰলালকাক গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়।

Leave a Comment