অসম

হাফ পেণ্ট পিন্ধি যোৱাৰ বাবেই পৰীক্ষাহলত হাৰাশাস্তিৰ সন্মুখীন হ’ল এগৰাকী ছাত্ৰী, পৰ্দা পিন্ধাই বহুৱালে পৰীক্ষাত…

হাফ পেণ্ট পিন্ধি যোৱাৰ বাবেই পৰীক্ষাহলত হাৰাশাস্তিৰ সন্মুখীন হ’ল এগৰাকী ছাত্ৰী।

হাফ পেণ্ট পিন্ধি পৰীক্ষা দিবলৈ অহা ছাত্ৰীক পৰ্দা পিন্ধাই পৰীক্ষাত বহুৱালে এখন শৈক্ষিক প্ৰতিষ্ঠানে।

তেজপুৰৰ এটা পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।

হাফ পেণ্ট পিন্ধি যোৱাৰ বাবেই অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত বহিবলৈ দিয়া নহ’ল এগৰাকী ছাত্ৰীক।

তেজপুৰৰ কুন্দুৰাবাৰীৰ এক ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান GIPSত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। 

পৰীক্ষা দিবলৈ কেন্দ্ৰটোলৈ পিতৃৰ সৈতে গৈছিল ছাত্ৰীগৰাকী।

পোচাক দেখি যুৱতীগৰাকীৰ পৰীক্ষাহলত বহিবলৈ নিদিলে প্ৰতিষ্ঠান খনৰ পৰীক্ষকে।

যুৱতীগৰাকীক লংপেণ্ট পিন্ধি আহিবলৈ নিৰ্দেশ দিয়ে পৰীক্ষকে।

পৰীক্ষকৰ নিৰ্দেশ অনুসৰি কন্যাৰ বাবে লংপেণ্ট বিচাৰি হাহাকাৰ ছাত্ৰী গৰাকীৰ পিতৃৰ।

পিতৃয়ে লংপেণ্ট বিচাৰি অহালৈ আৰম্ভ হ’ল পৰীক্ষা।

অৱশেষত এখন পৰ্দা পিন্ধাই পৰীক্ষাহলত বহুওৱা হ’ল ছাত্ৰীগৰাকীক।

ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

Leave a Reply

Your email address will not be published. Required fields are marked *