
বলিয়া বান! শিলচৰত ৬ দিনীয়া দেৱশিশুক সুকলমে উদ্ধাৰ আছাম ৰাইফলছৰ
নিউজ ডেস্কঃ ভয়াবহ বানত বুৰ গৈছে সমগ্ৰ অসম! বানৰ বিভীষিকাই ত্ৰস্ত কৰিছে লাখ লাখ লোকক। ৫৫ লাখৰো অধিক লোকে নিজৰ ঘৰখন এৰি আশ্ৰয় ল’বলগীয়া হৈছে বান শিৱিৰত। বানত উটি গৈছে ঘৰ-দুৱাৰ, বোকাত পোত গৈছে হেঁপাহৰ খেতিপথাৰ ডৰা!
বিশেষকৈ শিলচৰত এইবাৰ বানে নমাই আনিছে ভয়ংকৰ বিভীষিকা। প্ৰায়সমূহ ঘাইপথ কোবাল সোতে উটুৱাই নিয়াৰ পিছত এতিয়া এটোপাল খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে শিলচৰবাসীয়ে। বহু বন্যাৰ্ত এতিয়াও ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

এই সময়ত শিলচৰত বানক্ৰান্তক উদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে আৰক্ষী, প্ৰশাসন, এছডিআৰএফ, এনডিআৰএফ আদি উদ্ধাৰকাৰী বাহিনীয়ে। অবিৰতভাৱে চলাই থকা হৈছে বান সাহায্য আৰু উদ্ধাৰ অভিযান।
এনে সময়তে শিলচৰত এটি সদ্যজাত শিশুসহ এগৰাকী মাতৃক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আছাম ৰাইফলৰ উদ্ধাৰকাৰী বাহিনীয়ে।

দেওবাৰে ২১ ছেক্টৰ অছাম ৰাইফলছ এণ্ড ইগাৰ (পূব)ৰ তত্বাৱধানত আছাৰ ৰাইফলৰ শ্ৰীকোনা বেটেলিয়ানে এগৰাকী মাতৃৰ সৈতে ছয়দিনীয়া সদ্যজাত দেৱশিশুটিক নিৰাপদে উদ্ধাৰ কৰে।
তথ্য অনুসৰি নৱজাতকসহ পৰিয়ালটো আৱদ্ধ হৈ থকাৰ বিষয়ে এছ অ’ এছ ফোন পোৱাৰ লগে লগে জৱানসকলে কেঁচুৱাটো আৰু তেওঁৰ পৰিয়ালক নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে দ্ৰুত আৰু সমন্বিত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উল্লেখযোগ্য যে, ২০ জুনত জন্মলাভ কৰা শিশুটিক লৈ পানীৰ মাজত তীব্ৰ আতংকত বিগত কেইদিন পাৰ কৰিবলগীয়া হৈছিল পৰিয়ালটোৱে। কিন্তু অৱশেষত আছাম ৰাইফলছৰ তৎপৰতাত কেঁচুৱাটোৰে সৈতে গোটেই পৰিয়ালটোৰ জীৱন ৰক্ষা পৰে।
প্ৰণিধানযোগ্য যে, শিলচৰৰ বান পৰিস্থিতিৰ অহৰহ পৰ্যবেক্ষণ কৰি আছে কাছাৰৰ উপায়ুক্ত কীৰ্তি জলীয়ে। ইতিমধ্যে জলমগ্ন অঞ্চলসমূহত চেন্নাইৰ পৰা অনা বিশেষ ড্ৰোণেৰে খাদ্য আৰু খোৱাপানী যোগান ধৰা হৈছে।
সমান্তৰলাভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও বিগত কিছুদিনত দুবাৰকৈ শিলচৰত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লৈছে।






Pingback: আমতীত আম খাই নিজলৈ আপদ মাতি অনা সুভাষ অৱশেষত হ’ল মুকলি - NEWS8 NorthEast