আমতীত আম খাই নিজলৈ আপদ মাতি অনা সুভাষ অৱশেষত হ’ল মুকলি

নিউজ ডেস্কঃ আমতীত আম খাই আপদ মাতি অনা ‘আম আদমী’ সুভাষ বৰ্মনক অৱশেষত মুক্তি দিলে দিছপুৰ আৰক্ষীয়ে।

বিধায়কৰ আৱাসৰ চৌহদত থকা আম গছৰ পকা আম পাৰি খাই যোৱা ২৪ ঘণ্টা ধৰি আৰক্ষীৰ লক-আপত সোমাই থাকিবলগীয়া হৈছিল সুভাষ বৰ্মনে।

উল্লেখ্য যে, দেওবাৰে দিছপুৰৰ বিধায়ক অতুল বৰাৰ বিধায়ক আৱাসত থকা এজোপা আমৰ পৰা কেইটামান আমি পাৰিছিল সুভাষ বৰ্মন নামৰ লোকজনে।

সেই দৃশ্য প্ৰত্যক্ষ কৰিয়েই বিধায়কৰ ৰান্ধনীয়ে তেওঁৰ ওপৰত গোচৰ তৰে।

photo 2022 06 27 11 04 15 2 1
আমতীত আম খাই নিজলৈ আপদ মাতি অনা সুভাষ অৱশেষত হ’ল মুকলি 7

বিধায়ক অতুল বৰাৰ ৰান্ধনীৰ গোচৰৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে ধৰি-বান্ধি আনি লক-আপত ভৰাই থয় বিধায়ক কলনীতে জেৰক্সৰ দোকান দি জীৱন নিৰ্বাহ কৰা সুভাষ বৰ্মন নামৰ লোকজনক।

2 3 1
আমতীত আম খাই নিজলৈ আপদ মাতি অনা সুভাষ অৱশেষত হ’ল মুকলি 8

আনহাতে এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বিধায়ক অতুল বৰাই ব্যক্তিজনৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই ল’বলৈ নিৰ্দেশ দিয়ে। আৰু তাৰ পিছতে সোমবাৰে দিছপুৰ আৰক্ষীয়ে মুকলি কৰি দিয়ে সুভাষ বৰ্মনক।

photo 2022 06 27 11 04 15
আমতীত আম খাই নিজলৈ আপদ মাতি অনা সুভাষ অৱশেষত হ’ল মুকলি 9

কেৱল আম খোৱাৰ অপৰাধতে ২৪ ঘণ্টা আৰক্ষীৰ জিম্মাত পাৰ কৰিবলগীয়া হোৱা সুভাষ বৰ্মনে সোমবাৰে মুকলি হৈয়ে কেতিয়াও আৰু আম নাখায় বুুলিয়েই একপ্ৰকাৰ প্ৰতিজ্ঞা কাঢ়ে।

5 3
আমতীত আম খাই নিজলৈ আপদ মাতি অনা সুভাষ অৱশেষত হ’ল মুকলি 10

অৱশ্যে তেওঁৰ বিৰুদ্ধে এই গোচৰ তৰাৰ বিষয়ে বিধায়ক অতুল বৰা জ্ঞাত নাছিল বুলিও অনুমান কৰে সুভাষে। যাৰ বাবে বিধায়কে বিষয়টো জানিব পৰাৰ পিছতে তেওঁক মুকলি কৰাৰ নিৰ্দেশ দিয়ে।

2 7 edited
আমতীত আম খাই নিজলৈ আপদ মাতি অনা সুভাষ অৱশেষত হ’ল মুকলি 11

বিধায়কৰ চৌহদৰ গছৰ পকা আম পাৰি খোৱাৰ বাবেই এনেদৰে এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰা বিষয়টোক লৈ বিভিন্নজনে বিভিন্ন ধৰণেৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

লগতে চাওকঃ

বলিয়া বান! শিলচৰত ৬ দিনীয়া দেৱশিশুক সুকলমে উদ্ধাৰ আছাম ৰাইফলছৰ

child recover silchar
আমতীত আম খাই নিজলৈ আপদ মাতি অনা সুভাষ অৱশেষত হ’ল মুকলি 12