দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত লুটি খাই পৰিল এল্ট’ বাহন

নিউজ ডেস্ক। নগাঁও জিলাৰ কলিয়াবৰৰ মিছাত সোমবাৰে এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাত কোনো লোক নিহত হোৱা নাই যদিও কথমপি প্ৰাণৰক্ষা পৰে দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ চালকসহ আন ৫ গৰাকীকৈ লোকৰ।

প্ৰাপ্ত তথ্য মতে, সোমবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত এখন মাৰুতি এল্ট’ বাহনে কলিয়াবৰৰ মিছাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু ঘাইপথৰ কাষতে থকা দ খাৱৈত বাগৰি পৰে।

photo 2022 06 27 16 10 23 2
দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত লুটি খাই পৰিল এল্ট’ বাহন 3

দুৰ্ঘটনাগ্ৰস্থ বাহনখনত চালক সহ আন চাৰিজন লোক আছিল আৰু আটাইকেইজন লোকেই গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ নম্বৰ AR02A5866 বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় বাহনখন ।

photo 2022 06 27 16 10 23 3
দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত লুটি খাই পৰিল এল্ট’ বাহন 4

ঘটনাৰ খবৰ পোৱাৰ পিছতে মিছা আৰক্ষী আহি ঘটনাস্থলিত উপস্থিত হয় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পাঁচোজনকে উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।