পিতৃৰ দৰে একেই পথ বাচি ল’লে কন্যাই! দিখৌৰ বুকুত উদ্ধাৰ স্বাস্থ্যকৰ্মী শিখা শইকীয়াৰ মৃতদেহ

নিউজ ডেস্কঃ ১৫ বছৰ পূৰ্বে পিতৃয়ে বাচি লোৱা পথেৰেই গুছি গ’ল কন্যাও!

একেখন দলঙৰ একেটা ঠাইত থিয় হৈ পিতৃৰ দৰেই নৈৰ বুকুত আত্মজাহ দিলে কন্যা শিখা শইকীয়াই।

বৃহস্পতিবাৰে দিখৌৰ বুকুত জপিয়াই আত্মহত্যা কৰা শিখা শইকীয়াৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰিছে এছডিআৰএফ বাহিনীয়ে।

তেওঁ নৈত জাঁপ দিয়া ঠাইৰ পৰা ৫ কিলোমিটাৰ নিলগত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় ৩২ বৰ্ষীয় মহিলাগৰাকীৰ মৃতদেহ!

photo1656231324
পিতৃৰ দৰে একেই পথ বাচি ল’লে কন্যাই! দিখৌৰ বুকুত উদ্ধাৰ স্বাস্থ্যকৰ্মী শিখা শইকীয়াৰ মৃতদেহ 7

শিখাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পুনৰ এবাৰ শোকৰ উজান উঠিছে শিৱসাগৰৰ আমগুৰি ঘাটত।

এটা ১৩ বছৰীয়া সন্তানক অকলে এৰি কি কাৰণে শিখাই এনে ভয়ংকৰ পথ বাছি ল’লে সেয়া অৱশ্যে এতিয়াও ৰহস্যৰ আৱৰ্তত।

উল্লেখ্য যে, কালুগাঁৱৰ উপ-স্বাস্থ্যকেন্দ্ৰৰ কৰ্মচাৰী শিখা শইকীয়াৰ পিতৃ অপূৰ্ব শইকীয়াইও ১৫ বছৰ পূৰ্বে আমগুৰি ঘাটৰ দিখৌ দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল।

photo1656231385 1
পিতৃৰ দৰে একেই পথ বাচি ল’লে কন্যাই! দিখৌৰ বুকুত উদ্ধাৰ স্বাস্থ্যকৰ্মী শিখা শইকীয়াৰ মৃতদেহ 8

দলঙৰ ওপৰত তেওঁ চলাই অহা মটৰ চাইকেল ৰখাই থৈ আত্মহত্যা কৰাৰ দৰেই কন্যা শিখাইও তেওঁ চলাই অহা স্কুটীখন দলঙৰ ওপৰত ষ্টাৰ্ট কৰা অৱস্থাতে থৈ জপিয়াই আত্মহত্যা কৰে।

জানিব পৰা মতে, জন্মসূত্ৰে আখৈফুটীয়া জয়ৰাপাৰ নিৱাসী অপূৰ্ব শ‍ইকীয়াই যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চাকৰি সূত্ৰে জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ আৱাসিক এলেকাত বাস কৰি আহিছিল।

তেওঁৰ কন্যা শিখা শইকীয়া মেট্ৰিক উত্তীৰ্ণ হোৱাৰ সময়তে ৰহস্যজনক কাৰণত দিখৌ নৈত জপিয়াই আত্মহত্যা কৰিছিল তেওঁ।

photo1656231486
পিতৃৰ দৰে একেই পথ বাচি ল’লে কন্যাই! দিখৌৰ বুকুত উদ্ধাৰ স্বাস্থ্যকৰ্মী শিখা শইকীয়াৰ মৃতদেহ 9

পিতৃৰ মৃত্যুৰ পিছত শিখাই নিজৰ মেধা শক্তিৰে স্বাস্থ্য বিভাগত নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়।

তাৰ পিছত তেওঁ জয়সাগৰৰে পংকজ গায়ন নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদি এটি পুত্ৰ সন্তান জন্মৰ পিছতে তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।

photo1656231599 1
পিতৃৰ দৰে একেই পথ বাচি ল’লে কন্যাই! দিখৌৰ বুকুত উদ্ধাৰ স্বাস্থ্যকৰ্মী শিখা শইকীয়াৰ মৃতদেহ 10

পৰৱৰ্তী সময়ত শিখা শইকীয়াই চিকিৎসালয়ৰ আৱাসিক এলেকাৰ এটা সুকীয়া কোঠাত পুত্র সন্তানটিৰ সৈতে অকলেই থাকিবলৈ লয়। কিন্তু নিজৰ একমাত্ৰ সন্তানটোক এৰি শিখা শইকীয়াই কিয় আত্মহত্যাৰ পথ বাছি ল’লে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

photo1656231672
পিতৃৰ দৰে একেই পথ বাচি ল’লে কন্যাই! দিখৌৰ বুকুত উদ্ধাৰ স্বাস্থ্যকৰ্মী শিখা শইকীয়াৰ মৃতদেহ 11

শিখাৰ কোঠাৰ পৰা আৰক্ষীয়ে এখন সন্দেহজনক চুইছাইড নোট উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

এই চুইছাইড নোটৰ ভিত্তিতে আৰক্ষীয়ে শিখা শইকীয়াৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য জানিবলৈ অনুসন্ধান আৰম্ভ কৰিছে।

লগতে চাওকঃ

কলৰ ভূৰেৰে বান্যাৰ্তৰ কাষলে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে অংগৰাগ পাপন মহন্তই…

159
পিতৃৰ দৰে একেই পথ বাচি ল’লে কন্যাই! দিখৌৰ বুকুত উদ্ধাৰ স্বাস্থ্যকৰ্মী শিখা শইকীয়াৰ মৃতদেহ 12