চাঞ্চল্যকৰ! মহানগৰীত পিষ্টলেৰে ভাবুকি দি যুৱতীক ধৰ্ষণৰ চেষ্টা, গ্ৰেপ্তাৰ যুৱ কংগ্ৰেছী বিক্ৰম গগৈ

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

পিষ্টলেৰে ভাবুকি দি এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই ৰঙাঘৰৰ আলহী হ’ল লখিমপুৰৰ এজন যুৱ কংগ্ৰেছী।

ধৃত কংগ্ৰেছীজনৰ নাম বিক্ৰম গগৈ বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বিক্রম গগৈয়ে অভিনয় জগতত কাম দিয়াৰ চলেৰে গুৱাহাটীৰ পাঞ্জাবাৰীৰ ফকৰুদ্দিন আলী আহমেদ পথৰ ফাৰ ইষ্ট গেষ্ট হাউছলৈ এগৰাকী যুৱতী নিশা নিমন্ত্ৰণ কৰি আনে।

G9 4
চাঞ্চল্যকৰ! মহানগৰীত পিষ্টলেৰে ভাবুকি দি যুৱতীক ধৰ্ষণৰ চেষ্টা, গ্ৰেপ্তাৰ যুৱ কংগ্ৰেছী বিক্ৰম গগৈ 3

সেই সময়ত গেষ্ট হাউছটোত আৰু ৩ জন যুৱকাে উপস্থিত আছিল।

যুৱতীগৰাকী উপস্থিত হােৱাৰ পিছত আটাইকেইজনে নৈশ আহাৰ গ্ৰহণ কৰে।

ইয়াৰ পিছতে বিক্ৰম গগৈয়ে নিজৰ পিষ্টল উলিয়াই যুৱতীগৰাকীৰ মূৰত টোৱাই বলাৎকাৰৰ চেষ্টা কৰে।

অৱশ্যে যুৱতীগৰাকীয়ে গেষ্ট হাউছৰ পৰা কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে ভুক্তভােগী যুৱতীগৰাকীয়ে দিছপুৰ থানাত উপস্থিত হৈ সকলো কথা আৰক্ষীক অৱগত কৰে।

ততাতৈয়াকৈ দিছপুৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গেষ্ট হাউছৰ পৰা বিক্ৰম গগৈৰ লগতে আন ৩ জনক আটক কৰি থানালৈ আনে।

ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে বিক্ৰম গগৈৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪২/৩৭৬(১)/৩০৭ আৰু ২৫(১) (এ)/২৭ নম্বৰত থানাত ১৫২৭/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি বিক্ৰম গগৈক গ্ৰেপ্তাৰ কৰে।

অৱশ্যে আন তিনিজন যুৱকক মুকলি কৰি দিয়ে দিছপুৰ আৰক্ষীয়ে।

ধৃত বিক্ৰম গগৈৰ কবলৰ পৰা আৰক্ষীয়ে পইণ্ট থ্রী টু পিষ্টল আৰু চাৰি জাই সক্ৰীয় গুলী জব্দ কৰে।

লগতে চাওকঃ

চাঞ্চল্যকৰ! আৰক্ষীৰ কণ্ট্ৰ’ল ৰূমত মহিলা আৰক্ষী বিষয়াক চাৰ্ভিছ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ

G8 8
চাঞ্চল্যকৰ! মহানগৰীত পিষ্টলেৰে ভাবুকি দি যুৱতীক ধৰ্ষণৰ চেষ্টা, গ্ৰেপ্তাৰ যুৱ কংগ্ৰেছী বিক্ৰম গগৈ 4