শাৰদীয় উৎসৱ সমূহক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা।
সংবাদমেলযোগে পূজাত মানি চলিব লগা নিয়মসমূহ সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
বিশ্বকৰ্মা পূজাৰ ক্ষেত্ৰত বৰ্তমানৰ নিয়মেই প্ৰযোজ্য হ’ব।
দূৰ্গা পূজাৰ পৰা কালি পূজালৈ নতুন নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ।
পূজা কমিটিয়ে জিলা উপায়ুক্তৰ পৰা অনুমতি লব লাগিব।
আবেদন কৰাৰ সময়ত কমিটিৰ আয়োজক সকলৰ ক’ভিডৰ পৰীক্ষা আৰু ভেকচিন লোৱা কাগজ গাঠি দিব লাগিব।
এপালি হলেও ভেকচিন লোৱা হ’ব লাগিব কমিটিৰ বিষয়ববীয়া সকলে।
আহল বহল পৰিবেশৰ মাজত পূজা মণ্ডপ স্থাপন কৰিব লাগিব।
ওলোৱা সোমোৱা পথ পৃথকে পৃথকে হব লাগিব।
সন্দেহ জনক বুলি কোনো লোক চিনাক্ত হলে উপায়ুক্তৰ নেতৃত্বত ক’ভিড টেষ্টৰ ব্যৱস্থা কৰিব লাগিব।
পূজা মণ্ডপত ৰাখিব লাগিব মাস্ক, চেনিটাইজাৰ।
মাস্ক পৰিধান নকৰা মানুহক প্ৰদান কৰিব লাগিব মাস্ক।
পূজাৰী সকলেও ভেকচিন লৈহে পূজাত বহিব লাগিব।
ভক্তসকল কমেও এপালি ভেকচিন লোৱা হ’ব লাগিব।
দুৰ্গা পূজাৰ পঞ্চমীত পূজাৰী আৰু সমিতিৰ বিষয়ববীয়া সকলে ক’ভিড পৰীক্ষা লব লাগিব।
প্ৰয়োজনত পূজা থলীতে ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব।
পূজাৰ দশমীৰ দিনাও পুণৰ কভিড টেষ্ট কৰিব লাগিব।
প্ৰসাদ বিতৰণ, অঞ্জলি প্ৰদানকে সকলো নিয়ম সুপৰিকল্পিত ভাৱে পৰিচালনা কৰিবলৈ আহ্বান।
দৰ্শন কৰি বেছি সময় ৰৈ থাকিব নোৱাৰিব পূজা থলীত।
প্ৰতিদিনেই চেনিটাইজ কৰিব লাগিব পূজাথলী।
পূজাৰ মূৰ্তি বহু বেছি ডাঙৰ হব নোৱাৰিব।
একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাষ দিব লাগিব।
এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজামণ্ডপ/পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব।
এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব।
আনহাতে কোনো সাংস্কৃতিক কাৰ্যসূচী পালন কৰিব নোৱাৰিব।
মেলা মুখী পূজা নহব, সিমিত ব্যৱস্থাৰে পূজা পালন কৰাৰ আহ্বান।
বিশৰ্জনৰ বাবে ঘাটত কি ব্যৱস্থা কৰিব প্ৰশাসনে দ্বায়িত্ব লব।
দুৰ্গাপূজাৰ পূৰ্বে সকলোকে এপালি ভেকচিন লবলৈ আহ্বান।
চৰকাৰ আৰু প্ৰশাসনে পূজাৰ ক্ষেত্ৰত আইন ওলংঘা কৰিলে কঠোৰ হব।









