বাছ-ৱাগন আৰৰ মাজত ভয়ংকৰ সংঘৰ্ষ, অগ্নিদগ্ধ হৈ মৃত্যু ২ মহিলাসহ ৫ জনৰ

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ৱাগন আৰ গাড়ীৰ মুখামুখি সংঘৰ্ষত নিহত হয় ৫ জন লোক। তাৰ বিপৰীতে আহত হয় প্ৰায় এক ডজন লোক।

নিহত কেইজন ৱাগন আৰখনৰ যাত্ৰী আছিল বুলি জানিব পৰা যায়।

এই ভয়ংকৰ দুৰ্ঘটনাটো বুধবাৰে পুৱা ৮ মান বজাত সংঘটিত হয় ঝাৰখণ্ডৰ ৰামগড়-বোকাৰো ২৩ নং ৰাষ্ট্ৰীয় ঘাইপথত।

খবৰ অনুসৰি, মহাৰাজা নামৰ এখন যাত্ৰীবাহী বাছ ৰামগড়ৰ পৰা ধনবাদলৈ গৈ আছিল। তেনেতে বিপৰীত দিশৰ পৰা আহি আছিল এখন ৱাগন আৰ বাহন (BR 01BD 6318)।

E-Ts-Grb-Uc-AUAJed

বাহন খনত আহিছিল ৫ জন লোক। কিন্তু বাছ আৰু ৱাগন আৰখনৰ পথত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত ৱাগন আৰ গাড়ীখনত থকা পাঁচজন লোক থিতাতে নিহত হয়।

তেওঁলোক সকলো বিহাৰৰ আছিল। অৱশ্যে বাছখনৰ সন্মুখত জুই লগাৰ লগে লগে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ পিছতেই যাত্ৰীসকলে বাছৰ পৰা নামি আহি নিজৰ জীৱন ৰক্ষা কৰে।

উল্লেখ্য যে ঘটনাৰ সময়ত সেই স্থানত প্ৰচণ্ড বৰষুণ হৈছিল। বৰষুণৰ বাবে স্থানীয় লোক ঘটনাস্থলীলৈ আহিব পৰা নাছিল।

খবৰ লাভ কৰি স্থানীয় ৰাজৰাপ্পা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক বিপিন কুমাৰ সহ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

photo-2021-09-15-11-45-44

আৰক্ষী বিষয়াজনে জনোৱা অনুসৰি, ঘটনাত ৫ জন লোক নিহত হয়। নিহত সকল বিহাৰৰ বাসিন্দা বুলি জানিব পৰা যায়।

জ্বলন্ত বাছখনৰ জুই নুমুৱাবলৈ ৰামগড়ৰ পৰা এটা অগ্নিনিৰ্বাপক দল মাতি অনা হৈছিল।

Leave a Comment