নিউজ ডেস্কঃ সমগ্ৰ ৰাজ্যত এতিয়া বানৰ সংহাৰ। বানত বুৰ গৈছে শ শ গাঁও, প্লাৱিত হৈছে শস্যভূমি। আনহাতে ৰাজ্যত এতিয়ালৈকে বলিয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিছে।
অসমৰ এনে ভয়ংকৰ দিনত কিন্তু এবাৰলৈও অসমীয়াৰ দুখ-দুৰ্দশাৰ বুজ ল’বলৈ অহা নাই কেন্দ্ৰীয় কোনো নেতা-মন্ত্ৰী। নিৰ্বাচনৰ পূৰ্বে মাহেকত দুবাৰ-তিনিবাৰকৈ তাঁতবাতি কঢ়া কেন্দ্ৰীয় চৰকাৰৰ নেতা-মন্ত্ৰীসকলে এতিয়া মাত্ৰ এবাৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰিয়েই সামৰিছে নিজৰ দায়িত্ব।
অসমৰ প্ৰতি বিৰাট টান আছে হেনো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। সেই বাবেই প্ৰায়েই তেওঁৰ ডিঙিত দেখা পোৱা যায় অসমীয়াৰ স্বাভিমান ফুলাম গামোছাখন। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাও ডিঙিত গামোছা লৈ অসমীয়াৰ আবেগক দেখুৱাই যোগাভ্যাস কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে।

কিন্তু প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোছা ল’লেই জানো দূৰ হ’ব অসমীয়াৰ দুখ দুৰ্দশা? সেই প্ৰশ্নই সংবাদ মেলত অৱতাৰণা কৰিলে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই।
বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি অসমৰ বান সমস্যাক সময়ত ৰাজ্যবাসীৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে প্ৰদৰ্শন কৰা চৰম অবহেলাক লৈ ক্ষোভ ব্যক্ত কৰে জগদীশ ভূঞাই।
ক্ষুব্ধস্বৰে অজাপৰ নেতাগৰাকীয়ে কয়, ‘প্ৰধানমন্ত্ৰী ডাঙৰীয়া নাটক বহুত হ’ল। যোগ দিৱসৰ দিনা ডিঙিত গামোছা ল’লেই অসমক ভালপোৱা নুবুজায়। গামোছাৰ ভণ্ডামি বন্ধ কৰি অসমবাসীৰ প্ৰতি দৰদ প্ৰকাশ কৰক।’

দেশৰ আন আন ৰাজ্যৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আৱণ্টন কৰা বিশেষ সাহায্য পুঁজি আৰু অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰদান কৰা সাহায্য পুঁজিৰ তুলনামূলক বিশ্লেষন কৰি জগদীশ ভূঞাই কয় যে চলিত বান দুৰ্যোগৰ সময়তো অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে চৰম অৱজ্ঞা দেখুৱাইছে।
নিৰ্বাচনৰ সময়ত বাৰেপতি অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ এতিয়া এবাৰ কিয় অসমলৈ আহিব নোৱাৰে বুলিও প্ৰশ্ন কৰে অজাপৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰি জগদীশ ভূঞাই কয় যে উপায়ুক্তক অন কেমেৰা ধমক দি বাহ বাহ লোৱা মুখ্যমন্ত্ৰীয়ে যদি সাহস আছে তেন্তে কোন জিলাত কিমান সাহায্য প্ৰদান কৰা হ’ল তাৰ তথ্য প্ৰকাশ কৰক।
ৰাজ্যৰ ৫৫ লাখৰো অধিক লোক বানৰ কবলত ককবকাই থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক গুৱাহাটীৰ হোটেলত আতিথ্য প্ৰদান কৰি হৰ্ছ ট্ৰেডিঙৰ ষড়যন্ত্ৰ ৰচা কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই।









