মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰিবলৈ নবীন নগৰত হ্ৰদ নিৰ্মান কৰিব চৰকাৰে! ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্ক। এজাক বৰষুণেই সাগৰলৈ ৰূপান্তৰিত কৰে গুৱাহাটী মহানগৰ। প্ৰতিখন চৰকাৰেই গুৱাহাটীবাসীক কৃত্ৰিম বানৰ পৰা মুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সময়ত সকলো অসাৰ হৈ পৰে।

এইবাৰো চৰকাৰে মহানগৰীৰ কৃত্ৰিম বান সমস্যা দূৰ কৰিব বুলি ডিঙিৰ শিৰ ফুলাই প্ৰতিশ্ৰুতি দিছিল। কিন্তু তাৰ পিছতে পুনৰ ডুব গ’ল মহানগৰ। কৃত্ৰিম বানত ককবকাবলগীয়া হ’ল হাতীগাঁও, চান্দমাৰী, বেলতলা নবীন নগৰবাসীয়ে।

কিন্তু এতিয়া আকৌ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ নবীন নগৰত হ্ৰদ নিৰ্মান কৰি মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে নবীন নগৰত ১০-১৫ বিঘা ভূমি অধিগ্ৰহণ কৰি হ্ৰদ নিৰ্মান কৰিলেই কৃত্ৰিম বানৰ সমস্যা আধাখিনি দূৰ হৈ যাব। মাটিৰ মালিকক উপযুক্ত ক্ষতিপূৰণ দি চৰকাৰে ১০-১৫ বিঘা ভূমি অধিগ্ৰহণ কৰি হ্ৰদ নিৰ্মান কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।