নিউজ ডেস্ক। ওড়িশাৰ নুৱাপাৰা জিলাত মাওবাদীৰ ভয়ংকৰ এম্বুশ্ব।
এই আক্ৰমণত শ্বহীদ হ’ল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ৩ জন জোৱান।
চি আৰ পি এফ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পুৱা ওড়িশাৰ নুৱাপাৰা জিলাত এই ঘটনা সংঘটিত হয়।
মাওবাদী অধ্যুষিত উক্ত এলেকাটােত নিয়মীয়া টহলত থকাৰ সময়তে শ্বহীদ হয় বাহিনীটােৰ ১৯ নং বেটেলিয়ানৰ দুগৰাকী সহকাৰী উপ-পৰিদৰ্শকসহ ৩ জন জােৱান।

চি আৰ পি এফে জনোৱা মতে, জিলাখনৰ সহজপানী নামৰ গাঁওখনত বিয়লি প্ৰায় ২.৩০ বজাত মাওবাদীয়ে অতৰ্কিতে ভয়ংকৰ আক্ৰমণ কৰে।
ইয়াৰ প্ৰত্যুত্তৰ জােৱানসকলে গুলীচালনা কৰে যদিও মাওবাদী তাৰ পৰা পলাই যাবলৈ সক্ষম হয়।

এই আক্ৰমণত শ্বহীদ হােৱা জােৱানকেইজনৰ নামঃ শিশু পাল সিং (এএইআই, উত্তৰ প্ৰদেশ), শিৱলাল (এএছআই, হাৰিয়ানা) আৰু কনিষ্টবল ধৰ্মেন্দ্ৰ কুমাৰ সিং (বিহাৰ)।
ইপিনে, এই ঘটনাত শ্বহীদ প্ৰতিজন শ্বহীদৰ পৰিয়াললৈ ২੦-২੦ লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘােষণা কৰিছষ ওড়িশা চৰকাৰে।









