এইবাৰ কামাখ্যা ধামত অনুষ্টুপীয়াকৈ উদযাপন কৰা হ’ব অম্বুবাচী মেলা’ ২০২২।
অহা ২২ জুনৰ পৰা ২৬ জুনলৈকে কামাখ্যা ধামত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা।
অম্বুবাচী মেলা সঠিকভাৱে যাতে উদযাপন কৰিব পাৰি সেই লক্ষ্য আগত ৰাখি ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে কেইবাখনো সভা।
জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে এখন সংবাদ মেল সম্বোধন কৰি কিছুমান নীতি নিয়মৰ বিষয়ে সদৰি কৰে।

উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই বৈঠকত আৰক্ষী প্ৰশাসন, পৌৰ নিগম আৰু জিলা প্ৰশাসনৰ আন-আন বিষয়া-বৰ্গ উপস্থিত আছিল।
উপায়ুক্তগৰাকীয়ে কয় যে, এইবাৰ অম্বুবাচী মেলাত কোনো লোকে বাহন ওপৰলৈ নিব নোৱাৰিব। ফুট হিলৰ পৰা কামাখ্যা মন্দিৰ প্ৰাঙ্গনলৈ পদ যাত্ৰা অথবা প্রশাসনে নিৰ্দিষ্ট কৰি দিয়া বাহনত জৰিয়তে যাব পাৰিব।
ফুট হিলৰ পৰা কামাখ্যা মন্দিৰ প্ৰাঙ্গনলৈকে পথত নাথাকিব কোনো ষ্টল।
প্ৰশাসনৰ অনুমতি নথকা কোনো সংস্থা বা সংগঠনে অম্বুবাচী মেলাত খাদ্য যোগান ধৰিব নোৱাৰিব।

এইবাৰৰ অম্বুবাচী মেলাত ট্ৰেফিক নিয়ন্ত্ৰণত অধিক গুৰুত্ব দিয়া হব বুলি উপায়ুক্তগৰাকীয়ে সভাত ব্যক্ত কৰে।
উল্লেখযোগ্য যে এই পৰ্যন্ত ভক্তগণৰ বাবে কামাখ্যা ষ্টেচন, পাণ্ডু পৰ্ট আৰু কেন্দ্ৰীয় কাৰাগাৰ চৌহদ –এই তিনিটা স্থানত শিবিৰৰ ব্যৱস্থা হৈছে।
ফুট হিলৰ পৰা মা কামাখ্যা দেৱালয়লৈকে নিৰ্দিষ্ট স্থানতহে খোৱা পানী যোগান ধৰা হব।
সংবাদমেলখনত পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে শিবিৰ অনুসৰি পৰ্যপ্ত সংখ্যক স্বেচ্চাসেৱী নিয়োগ কৰা হ’ব বুলি সদৰি কৰে।

আনহাতে যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰণ্য বৰ্মনে সংবাদমেলখনত জনায় যে অম্বুবাচী মেলাত ভৰলুমুখ আৰু মালিগাঁৱৰ ফালৰ পৰা অহা যানবাহনে কামাখ্যা গেটতে ভক্তক নমাব লাগিব।
অসম ৰাজ্যিক পৰিবহনকে ধৰি কোনো আন্ত: জিলাৰ আৰু দূৰণিবতীয়া বাছে ডি জি ৰ’ড, এম জি ৰোড টি আৰ ফুকন ৰ’ডত ২২ জুনৰ পৰা ২৬ জুনলৈকে সোমাব নোৱাৰিব।
সামগ্ৰী কঢ়িওৱা কোনো বাণিজ্যিক বাহনকো ডি জি, এম ডি ৰোডত সোমাবলৈ দিয়া নহব।
অৱশ্যে তিনিচকীয়া বাণিজ্যিক বাহনক মাজ ৰাতি ১২ বজাৰ পৰা ৬ বজালৈকে চলাচল কৰিবলৈ দিয়া হ’ব।









