অসম

পৰৱৰ্তী ৪৮ ঘণ্টাৰ বাবে এইখন জিলাত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান, যানবাহন চলাচলত নিষেধাজ্ঞা

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।

প্ৰতিকূল বতৰ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসনে সোমবাৰে জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা।

পৰৱৰ্তী ৪৮ ঘণ্টাৰ বাবে জিলাখনত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান আৰু দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া যানবাহনৰ চলাচল।

image 168

বৰাক নদীয়ে বিপদসীমা অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত আৰু কাছাৰ জিলাত অহা কেইদিনমানৰ বাবে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ পোৱাৰ পিছতে জনসাধাৰণৰ সুৰক্ষাজনিত কাৰণত কাচাৰ জিলাৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান আৰু অনাৱশ্যকীয় ব্যক্তিগত প্ৰতিষ্ঠানসমূহ অহা ৪৮ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে।

image 169

লগতে এই সময়চোৱাত দুচকীয়া বাহন, তিনিচকীয়া বাহন আৰু চাৰিচকীয়া বাহনৰ চলাচল বন্ধ থাকিব।

এই নিৰ্দেশনা ২১ জুন, মঙলবাৰ ২০২২-ৰ পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব আৰু পৰৱৰ্তী ৪৮ ঘণ্টাৰ বাবে কাৰ্যকৰী থাকিব।