নিউজ ডেস্ক। মংগলবাৰে বিশ্বজুৰি পালন কৰা হ’ল অষ্টম আন্তৰ্জাতিক যােগ দিৱস।
এই উপলক্ষে কৰ্ণাটকৰ মৈচুৰ পেলেচ গাৰ্ডেনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাত উপস্থিত প্ৰায় ১৫ হাজাৰ লোকৰ সৈতে যোগাসন কৰে।
প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱাল আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাচবৰাজ বােম্মাই উপস্থিত থাকে।

ডিঙিত অসমীয়াৰ স্বাভিমান ফুলাম গামােচা লৈ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে।
যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি মােদীয়ে জীৱনত যােগাসনৰ গুৰুত্বৰ বিষয়ে কয় আৰু সুস্থ শৰীৰৰ বাবে ই অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি বিশ্বৰ প্ৰতিটো কোণৰ পৰা যোগৰ প্ৰতিধ্বনি শুনা গৈছে। ই হৈ পৰিছে জীৱনৰ আধাৰ।

তেওঁ কয় যে সাম্প্ৰতিক পৰিৱেশত আমি যিমানেই মানসিক চাপত নাথাকো, কেইমিনিটমান যােগাসনে আমাক এই চাপৰ পৰা সকাহ দিয়ে, আমাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। সেয়ে আমি যোগাসনক অতিৰিক্ত কাম হিচাপে ল’ব নালাগে।

উল্লেখ্য যে এই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সােণােৱালে।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ ৭৫ গৰাকী মন্ত্ৰীয়ে দেশৰ ৭৫ স্থানত অনুষ্ঠিত আন্তৰ্জাতিক যােগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।









