ক্ৰিকেটৰ পৰা বিদায় ল’লে ইয়ৰ্কাৰ কিং লাচিথ মালিংগাই…

ক্ৰিকেটৰ পৰা বিদায় ল’লে শ্ৰীলংকাৰ ইয়ৰ্কাৰ কিং লাচিথ মালিংগাই।

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত মালিংগাৰ।

মঙলবাৰে এই কথা ঘোষণা কৰে ক্ৰিকেটাৰ গৰাকীয়ে।

টুইটাৰত মালিংগাই লিখিছে- ‘ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটৰ পৰা মই বিদায় লৈছো। মোক সমৰ্থন কৰা সকলোলৈ ধন্যবাদ। যুৱ ক্ৰিকেটাৰসকলৰ সৈতে মই মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিম।’

উল্লেখ্য যে, ক্ৰিকেটৰ ইয়ৰ্কাৰ কিং হিচাপে পৰিচিত আছিল মালিংগা।

উল্লেখ্য যে মালিংগাই যোৱা বছৰৰ পৰাই টি-২০ ক্ৰিকেটৰ পৰা আঁতৰি আছে।

তেওঁ আই পি এল ২০২০ ৰ পৰাও নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল।

Leave a Comment