অসম

১ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব বিশেষ মেট্ৰিক পৰীক্ষা, পৰীক্ষাসূচী প্ৰকাশ…

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলকলৈ অসন্তুষ্ট ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব SEBAই।

১ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব বিশেষ মেট্ৰিক পৰীক্ষা।

বিশেষ মেট্ৰিক পৰীক্ষাৰ সূচী ঘোষণা কৰিছে ছেবাই।

মঙলবাৰে ছেবাৰ পৰা প্ৰকাশ কৰা পৰীক্ষাসূচী অনুসৰি ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশেষ মেট্ৰিক পৰীক্ষা।

১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ চলিবলগীয়া পৰীক্ষা মুঠ ৬টা বিষয়ত অনুষ্ঠিত হ’ব।

bb 1

উল্লেখ্য, ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যত এইবাৰ অনুষ্ঠিত কৰা হোৱা নাছিল মেট্ৰিক তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।

যাৰ ফলত মূল্যাংকন পদ্ধতিৰে ছাত্ৰ–ছাত্ৰীৰ ফলাফল বিচাৰ কৰা হৈছিল।

শিক্ষা বিভাগৰ এই ব্যৱস্থাৰ বাবে অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল ৰাজ্যৰ শিক্ষা বিভাগে।

সেই অনুসৰি ১ অক্টোবৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হ’ব বিশেষ মেট্ৰিক পৰীক্ষা।

Leave a Reply

Your email address will not be published. Required fields are marked *