তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব সুস্মিতা দেৱ…

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব সুস্মিতা দেৱ।

তৃণমূল কংগ্ৰেছে মনোনীত কৰিছে সুস্মিতা দেৱৰ নাম।

দলটোৱে মঙলবাৰে টুইটযোগে এই কথা সদৰি কৰিছে।

টুইটটোত উল্লেখ কৰা হৈছে যে, ‘মহিলাসকলক শক্তিশালী কৰা আৰু ৰাজনীতিত তেওঁলোকৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰাত মমতা বেনাৰ্জীৰ দৃষ্টিভংগীয়ে আমাৰ সমাজক আৰু অধিক সহায় কৰিব।

উল্লেখ্য যে, পশ্চিমবংগৰ পৰা খালী আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সুস্মিতাই।

যোৱা ১৬ আগষ্টত কংগ্ৰেছ দল এৰি মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল সুস্মিতা দেৱে।

Leave a Comment