অসম

এতিয়াৰে পৰা বিদ্যালয়-মহাবিদ্যালয়ৰ মুৰব্বীয়ে প্ৰদান কৰিব পাৰিব আয়ৰ প্ৰমাণপত্ৰ…

এতিয়াৰে পৰা বিদ্যালয়-মহাবিদ্যালয়ৰ মুৰব্বীয়ে প্ৰদান কৰিব পাৰিব আয়কৰ প্ৰমাণপত্ৰ।

এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াই প্ৰদান কৰা উপাৰ্জনৰ প্ৰমাণপত্ৰৰ বিকল্প হিচাবে যিখন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীগৰাকী উত্তীৰ্ণ হৈছে, তাৰ প্ৰধান শিক্ষক বা অধ্যক্ষই আয়ৰ প্ৰমাণপত্ৰ দিব পাৰিব।

শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ বছৰেকীয়া আয় ২ লাখৰ তলত বুলি নামভৰ্তি কৰিবলগীয়া শিক্ষানুষ্ঠানখনৰ মুৰব্বীগৰাকী যদি পতিয়ন যায়, তেওঁ তেনে ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত নামভৰ্তি কৰাব পাৰিব।

মাচুল ৰেহাই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী বা তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বাৰ্ষিক আয় সন্দৰ্ভত এখন শপতনামাও দাখিল কৰিব পাৰে।

এনেদৰে দাখিল কৰা আয়ৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব বুলি সদৰি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

No photo description available.

Leave a Reply

Your email address will not be published. Required fields are marked *