ভয়ংকৰ ভূমিস্খলন! শুই থকা অৱস্থাতে প্ৰাণ হ’ল একেটা পৰিয়ালৰ শিশুসহ ৩ সদস্যৰ

নিউজ ডেস্কঃ অসমৰ লগতে উত্তৰ-পূবত ভয়াবহ ৰূপ ধাৰণ কৰিছে বান আৰু ভূমিস্খলনে। নেৰানেপেৰা বৰষুণৰ পিছত বিশেষকৈ মেঘালয়ৰ গাৰো পাহাৰত ভূমিস্খলনে লৈছে কালৰূপ। গাৰো পাহাৰৰ বিভিন্ন প্ৰান্তত অত্যাধিক বৰষুণৰ পিছত খহি পৰা পাহাৰৰ মাটিয়ে ইতিমধ্যে প্ৰাণ কাঢ়িছে কেইবাজনৰো।

শেহতীয়াকৈ দক্ষিণ গাৰো পাহাৰত পুনৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে এটি শিশুসহ কমেও তিনিজন লোকে। জিলাখনৰ বাঘমৰাত পাহাৰৰ পৰা মাটি খহি এটা বাসগৃহ সম্পূৰ্ণৰূপে পুতি পেলোৱাত প্ৰাণ হেৰুৱায় একেটা পৰিয়ালৰ সদস্য কেইজনে।

image 136
ভয়ংকৰ ভূমিস্খলন! শুই থকা অৱস্থাতে প্ৰাণ হ’ল একেটা পৰিয়ালৰ শিশুসহ ৩ সদস্যৰ 3

জানিব পৰা মতে, শুকুৰবাৰে পুৱা পৰিয়ালটো শুই থকা সময়তে সংঘটিত ভূমিস্খলনত শিশুসহ একেটা পৰিয়ালৰ সদস্য কেইজনে প্ৰাণ হেৰুৱায়।

নিহত কেইজনক ক্ৰমে য়াংকিম চাংমা (৪), গামচিয়া চাংমা (২০) আৰু টেংকাম চাংমা (৩১) বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ পিছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই নিহত কেইজনৰ মৃতদেহ উদ্ধাৰ কৰে।

image 137
ভয়ংকৰ ভূমিস্খলন! শুই থকা অৱস্থাতে প্ৰাণ হ’ল একেটা পৰিয়ালৰ শিশুসহ ৩ সদস্যৰ 4

ইফালে, দক্ষিণ গাৰো পাহাৰ জিলাৰ চিজু গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে সুকীয়া ভূমিস্খলনৰ ঘটনাত নিহত আন এগৰাকী মহিলাৰ মৃতদেহ।

তদুপৰি জিলাখনৰ চিবিনাং অঞ্চলতো কমেও চাৰিটা শিশু নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

নিৰুদ্দেশ হোৱা শিশুকেইটাৰ সন্ধান উলিয়াবলৈ মেঘালয়ত আৰক্ষীয়ে তালাচী আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশাৰ পৰা সন্ধানহীন হৈ থকা শিশুকেইটিৰ আটাইৰে বয়স ৮-১০ বছৰৰ ভিতৰত।