কমনৱেলথ গেমছত অংশগ্ৰহণ নিশ্চিত হ’ল হিমা দাসৰ…

নিউজ ডেস্ক। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ কঢ়িয়াই আনিছে ধিং এক্সপ্ৰেছ হিমা দাসে।

অহা মাহৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ ২੦২২ ত হিমা দাসৰ অংশগ্ৰহণ নিশ্চিত কৰা হৈছে।

ইতিপূৰ্বে এই খেলৰ বাবে ভাৰতীয় খেলুৱৈৰ দলত স্থান নিশ্চিত হৈছিল শিৱ থাপা আৰু লাভলীনাৰ।

3 1
কমনৱেলথ গেমছত অংশগ্ৰহণ নিশ্চিত হ’ল হিমা দাসৰ... 2

ভাৰতীয় এথলেটিকছ ফেডাৰেচনে এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্যে যে কমনৱেলথ গেমছত ভাৰতৰ পৰা সৰ্বমুঠ ৩৭ জনীয়া খেলুৱৈৰ দলে অংশগ্ৰহণ কৰিব।

কমনৱেলথ গেমছৰ অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় ৪x১০০ মিটাৰ ৰীলে দলটোত স্থান লাভ কৰিছে হিমাই।

এই ৰীলে দলটোত হিমা দাসৰ লগতে ড্যুটি চান্দ, ধনলক্ষ্মী আৰু শ্ৰবানি নন্দাও আছে।

উল্লেখ্য যে কমনৱেলথ গেমছ অহা ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ লণ্ডনৰ বাৰ্মিংহামত অনুষ্ঠিত হ’ব।