পেট্ৰ’লৰ চেঞ্চুৰি! মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ম’হৰ পিঠিত উঠি গ’ল প্ৰাৰ্থী

নিউজ ডেস্ক। এক আচৰিত দৃশ্য। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰাৰ্থী উঠি গল ম’হৰ পিঠিত।

এই দৃশ্য দেওবাৰে দেখিবলৈ পোৱা গল বিহাৰৰ কাটিহাৰ জিলাৰ ৰামপুৰত।

জানিব পৰা মতে, ইতিমধ্যে বিহাৰত আৰম্ভ হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি। সেই অনুসৰি কাটিহাৰ জিলাৰ ৰামপুৰ পঞ্চায়তৰ প্ৰাৰ্থী আজাদ আলমে দেওবাৰে দাখিল কৰিবলৈ যায় নিজৰ মনোনয়ন পত্ৰ।

কিন্তু সেই সময়ত তেওঁ দৃষ্টি আকৰ্ষণ কৰে সকলোৰে। অৰ্থাৎ তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ উঠি যায় ম’হৰ পিঠিত।

সেই সময়ত তেওঁৰ চাৰিওফালে ভৰি থাকে বৃহৎ সংখ্যক সমৰ্থক। তেওঁৰ পিছে পিছে সমৰ্থকে এক শোভাযাত্ৰা বাহিৰ কৰে।

এই সন্দৰ্ভত আজাদ আলমে কয়, “মই এজন সৰু মানুহ। মই ইয়ালৈ এটা ম’হৰ পিঠিত উঠি আহিছিলো। কাৰণ মই পেট্ৰ’ল বা ডিজেল বহন কৰিব নোৱাৰো।”

উল্লেখ্য যে বিহাৰ চৰকাৰে ৰাজ্যখনত দীৰ্ঘদিনৰ পিছত প্ৰতীক্ষিত পঞ্চায়ত নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে।

নিৰ্বাচন আয়োগৰ মতে এই পঞ্চায়ত নিৰ্বাচন ৰাজ্যখনত ১১ টা পৰ্যায়ত অনুষ্ঠিত হ’ব। সেই অনুসৰি অহা ২৪ ছেপ্টেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে এই নিৰ্বাচন অনুষ্ঠিত হ’ব।

Leave a Comment