স্পাইডাৰমেনৰ দৰে দলঙত ওলমি থকা চোৰে চকুৰ পচাৰতে কাঢ়ি লৈ গ’ল যাত্ৰীৰ মোবাইল ফোন! ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ ৰে’লযাত্ৰীৰ বেগ, মোবাইল, সোণৰ গহনা আদি চুৰি কৰাৰ ঘটনা প্ৰায়ে সংঘটিত হয়। কিন্তু বিহাৰৰ বেগুচৰাইত সংঘটিত এক ভয়ংকৰ চুৰি কাণ্ডই হতভম্ব কৰিছে সকলোকে।

‘স্পাইডাৰ মেন’ৰ দৰে ৰে’লৱে ব্ৰীজত ওলমি থকা চোৰে কাঢ়ি লৈ যায় যাত্ৰীৰ হাতৰ মোবাইল ফোন।

এই ঘটনা ইমানেই ক্ষীপ্ৰতাৰে সংঘটিত হয় যে বিশ্বাস কৰিবলৈকে কঠিন হৈ পৰে। চুৰিকাণ্ডৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

22
স্পাইডাৰমেনৰ দৰে দলঙত ওলমি থকা চোৰে চকুৰ পচাৰতে কাঢ়ি লৈ গ’ল যাত্ৰীৰ মোবাইল ফোন! ভাইৰেল ভিডিঅ’ 3

ভিডিঅ’টোত দেখাৰ দৰে ৰে’ল দলঙৰ ওপৰেৰে তীব্ৰ বেগেৰে গৈ আছে এখন ৰে’ল।

ৰেলৰ দুৱাৰমুখত বহি আছে দুজন যুৱক। তাৰে এজনে নিজৰ ফোন কেমেৰাত নদী আৰু দলঙৰ দৃশ্য ৰেকৰ্ড কৰি আছিল।

হঠাতে ৰেল দলঙত ওলমি থকা কোনোবাই যুৱকজনৰ পৰা ফোনটো কাঢ়ি নিয়ে।

ইমান কম সময়ৰ ভিতৰতে ঘটনাটো সংঘটিত হয় যে প্ৰথমতে যুৱকজনে মোবাইল চুুৰি হোৱাৰ বিষয়ে একো অনুধাৱনেই কৰিব পৰা নাছিল। পিছতহে তেওঁ চুৰি হোৱাৰ বিষয়ে নিশ্চিত হয়।

মন কৰিব যে ৰে’লখনৰ গতিবেগ সেই ইমানেই দ্ৰুত গতিত চলি আছিল যে স্বাভাৱিক গতিৰে ভিডিঅ’টো চালে চুৰি কাণ্ডৰ মুহূৰ্তটো অনুমান কৰাটো কঠিন হৈ পৰে।

শ্ল’-মোচনত চালেহে স্পষ্ট হৈ পৰে যে দলংখনত কোনোবা ওলমি আছিল। আৰু ৰেলত বহি থকা ডেকাজনৰ হাতৰ পৰা নিখুঁত দক্ষতাৰে ফোনটো কাঢ়ি লৈ যায়।

লগতে চাওকঃ

নাই দৰা, নাই পুৰোহিত! অৱশেষত সম্পন্ন হ’ল ক্ষমা বিন্দুৰ বহু চৰ্চিত বিবাহখন

20
স্পাইডাৰমেনৰ দৰে দলঙত ওলমি থকা চোৰে চকুৰ পচাৰতে কাঢ়ি লৈ গ’ল যাত্ৰীৰ মোবাইল ফোন! ভাইৰেল ভিডিঅ’ 4