অসম

আন্তঃৰাষ্ট্ৰীয় ফেশ্বন মেগাজিনৰ প্ৰচ্ছদত অসম কন্যা লাভলীনা, গৌৰৱাম্বিত ৰাজ্যবাসী…

নিউজ ডেস্ক। বিশ্বৰ অন্যতম জনপ্ৰিয় ফেশ্বন মেগাজিন ‘গ্ৰাজিয়া’ৰ প্ৰচ্ছদত প্ৰকাশ পাইছে অলিম্পিকত পদকজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইৰ ফটো।

image 110

বিশ্বৰ ২৬ খন দেশত প্ৰকাশ পোৱা এই ফেশ্বন মেগাজিনখনৰ প্ৰচ্ছদত লাভলীনাৰ ফটো প্ৰকাশ পোৱাৰ পিছতে পুনৰ এবাৰ অসম কন্যাগৰাকীক লৈ গৰ্বিত হৈ পৰিছে সমগ্ৰ অসমবাসী।

সাপ্তাহিক ফেশ্বন আলোচনী ‘গ্ৰাজিয়া’ৰ প্ৰচ্ছদত লাভলীনাৰ ফটো প্ৰকাশ পোৱাৰ উপৰিও আলোচনীখনে আন্তঃৰাষ্ট্ৰীয় বক্সাৰগৰাকীৰ বাবে আগবঢ়াইছে কেইবাটাও বিশেষ পৃষ্ঠা। য’ত এডিডাছ আৰু গুচ্ছিৰ বিশেষ কষ্টিউম পৰিধান কৰিছে লাভলীনাই।

image 111

গুচ্ছিৰ সঞ্চালক এলেচান্দ্র মিছেলে ডিজাইন কৰা এডিডাছ-গুচ্ছি ক্লাৱ প্রজেক্টতো অংশগ্রহণ কৰে ভাৰতীয় ক্রীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ‘খেলৰত্ন’ প্ৰাপক অসমকন্যা লাভলীনাই।

image 112

উল্লেখ্য যে, ‘গ্রাজিয়া’ৰ পূৰ্বে বিশ্বৰ আন এখন জনপ্ৰিয় আলোচনী ‘ভোগ’ৰ প্ৰচ্ছদতো প্ৰকাশ পাইছিল লাভলীনাৰ ফটো।

আলোচনীখনে টকিঅ’ অলিম্পিকত পদকজয়ী লাভলীনা বৰগোঁহাইক লৈ প্ৰকাশ কৰিছিল এক বিশেষ সংস্কৰণৰ।

লগতে চাওকঃ

নাই দৰা, নাই পুৰোহিত! অৱশেষত সম্পন্ন হ’ল ক্ষমা বিন্দুৰ বহু চৰ্চিত বিবাহখন

20