চিৰাঙৰ আইন-শৃংখলা পৰিস্থিতিৰ ব্যাপক অৱনতি।
নিশাটোৰ ভিতৰতে সংঘটিত হ’ল দুটাকৈ গুলীচালনাৰ ঘটনা।
এটা কোকৰাঝাৰৰ চেৰফাংগুৰীত আৰু আনটো গুলীচালনাৰ ঘটনা চিৰাং জিলাৰ আমটেকাত সংঘটিত হয়।
চেৰফাংগুৰীত দুৰ্বৃত্তৰ গুলিত আহত হয় সুনীল মণ্ডল নামৰ এজন ব্যৱসায়ী।
জানিব পৰা মতে, সুনীল মণ্ডলৰ বুকুত গুলি লাগে। বৰ্তমানলৈ সুস্থিৰ নহয় সুনীল মণ্ডলৰ স্বাস্থ্যৰ অৱস্থা। নিশাই বঙাইগাঁৱৰ ল’ৱাৰ আসাম হস্পিতালত ভৰ্তি কৰোৱা হয় সুনীলক।
ব্যৱসায়ী সুনীলৰ পৰা KLOই দুই লাখ টকা দাবী কৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
কিছুদিন পূৰ্বে সুনীলক ফোনযোগে এই ধনদাবী কৰিছিল বুলি পৰিয়ালৰ লোকে সদৰি কৰে।
আনহাতে চিৰাং জিলাৰ আমটেকা বজাৰতো সংঘটিত হয় গুলীচালনাৰ ঘটনা।
অনিল ইশ্বৱাৰী (৫৫) নামৰ লোক এজনক লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই।
দুৰ্বৃত্তই ৩ টাকৈ গুলীৰে থকা-সৰকা কৰে ব্যৱসায়ী অনিলক।
শুই থকা অৱস্থাতে ঘৰৰ খিৰিকীৰে অনিল ইশ্বৱাৰীলৈ গুলীচালনা কৰি পলায়ন কৰে দুৰ্বৃত্তই।
বুকু আৰু হাতত গুলি লগা বুলি জানিব পৰা গৈছে আৰক্ষীৰ ফালৰ পৰা।
বৰ্তমান বঙাইগাঁও জিলাৰ ল’ৱাৰ অসাম হস্পিতালত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত অনিল ইশ্বৱাৰীক।
অৱশ্যে অনিলক কিহৰ বাবে কোনে আক্ৰমণ কৰিছে সেই সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।









