অসম

কাৰ্বি আংলঙত নিৰ্বাচনী হিংসা, দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ অস্থায়ী কাৰ্যালয়…

সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কাংৰ্বি আংলঙত সংঘটিত হৈছে নিৰ্বাচনী হিংসা।

দুৰ্বৃত্তই জ্বলাই দিলে বিজেপিৰ অস্থায়ী কাৰ্যালয়।

মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ অন্য শীৰ্ষ নেতাই জিলা খনত প্ৰচাৰ চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

২৩ নং সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাদম তেৰাংপিৰ কাৰ্যালয় জ্বলাই দিয়ে কোনো দুৰ্বৃত্তই।

নিশা প্ৰায় ১.৩০ টা মান বজাত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে বালিপথাৰস্থিত কাৰ্যালয়টোত।

ইতিমধ্যে ঘটনাস্থলীত স্থানীয় বিধায়ক নোমল মমিন উপস্থিত হৈ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে।

২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা হব বুলি আশ্বাস বিধায়ক ডঃ নোমল মমিনৰ।

আনহাতে আৰক্ষীয়েও ঘটনা সন্দৰ্ভত ইতিমধ্যেই অনুসন্ধান আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *