শিলপুখুৰীৰ মমতা ৱেলনেছ নিচামুক্তি কেন্দ্ৰত অঘটন।
নিচা মুক্তি কেন্দ্ৰটোত ৰহস্যজনকভাৱে মৃত্যু এজন যুৱকৰ।
30 মেত যুৱকজন ভৰ্তি কৰোৱা হৈছিল নিচামুক্তি কেন্দ্ৰটোত।
মৃত যুৱকজন আজাৰাৰ যোগীপাৰাৰ পিংকু নাথ।
কেন্দ্ৰত যুৱকজনক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
শৰীৰৰ বিভিন্ন স্থানত আঘাটৰ চিন স্পষ্ট আছে মৃত পিংকু নাথৰ।
লগতে এখন হাত ভগা অৱস্থাত পোৱা হৈছে মৃত পিংকু নাথৰ ৷
সম্প্ৰতি GMCH ৰ মৰ্গত ৰখা হৈছে যুৱকজনৰ মৃতদেহ।
চান্দমাৰী থানাত গোচৰ মমতা ৱেলনেচ নামৰ ৰেহাইব চেন্টাটোৰ বিৰুদ্ধে।









