ছোনিয়া গান্ধী আৰু পুত্ৰ ৰাহুল গান্ধী লৈ EDৰ চমন।
ইডিয়ে নেচনেল হেৰাল্ড গোচৰত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীলৈ চমন প্ৰেৰণ কৰিছে।
প্ৰৱৰ্তন সঞ্চালকালয়ে কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীলৈ পঠিয়াইছে চমন।
চমন খনত ৰাহুল গান্ধীক ২ জুনত মাতি পঠোৱাৰ লগতে ছোনিয়াক গান্ধীক ৮ জুনত মাতি পঠোৱা হৈছে।
প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াসকলে কয় যে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অপৰাধমূলক ধাৰাৰ অধীনত তেওঁলোকৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ জাননী জাৰি কৰা হৈছে।
ইয়াৰ পূৰ্বে, সংস্থাটোৱে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু পৱন বানচালকো প্ৰশ্ন কৰিছিল।
গোচৰতো ২০১৫ চনত বন্ধ কৰা হৈছিল যদিও পুনৰ খোল খাইছিল গোচৰতো।
ইফালে , ছোনিয়া আৰু ৰাহুলক চমন জাৰি কৰা সন্দৰ্ভত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
দলৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই কয়-
‘ব্ৰিটিছ শাসনক উৎখাত কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯৩৭ চনত ‘নেচনেল হেৰাল্ড’ বাতৰি কাকত প্ৰকাশ কৰিছিল, যাৰ প্ৰতিষ্ঠাপক আছিল মহাত্মা গান্ধী, পণ্ডিত নেহৰু, চৰকাৰ পেটেল, পুৰুষোত্তম দাস টণ্ডন, আচাৰ্য নৰেন্দ্ৰদেৱ, ৰফি আহমেদ কিদৱাইৰ লগতে আন বহু লোক আছিল।
‘এই বাতৰি কাকত খনে ব্ৰিটিছসকলৰ মাজত ইমানেই আতংকৰ সৃষ্টি কৰিছিল যে তেওঁলোকে ১৯৪২ চনত ‘ভাৰত ত্যাগ আন্দোলন’ৰ সময়ত নেচনেল হেৰাল্ডনিষিদ্ধ কৰিছিল, যি ১৯৪৫ চনলৈকে চলি আছিল। বাতৰি কাকতখনৰ মৌলিক মন্ত্ৰ, “স্বাধীনতা এতিয়া বিপদাপন্ন , নিজৰ সকলো শক্তিৰে ইয়াক সুৰক্ষিত কৰক’
‘আজি পুনৰ সেই ইংৰাজী শাসনক সমৰ্থন কৰা আদৰ্শই স্বাধীনতা আন্দোলনৰ কণ্ঠস্বৰ দমন কৰাৰ ষড়যন্ত্ৰ কৰিছে। এই ষড়যন্ত্ৰটোৰ মাষ্টাৰমাইণ্ডপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আৰু ইয়াক কাৰ্যকৰি কৰিবলৈ তেওঁৰ পোহনীয়া অস্ত্ৰ’ ED আছে।’









