অসম

কামাখ্যা-লিডু এক্সপ্ৰেছত জব্দ প্ৰায় ৩.৫০ কোটি টকা মূল্যৰ ড্ৰাগছ, আটক দুই মহিলা সৰবৰাহকাৰী…

কামাখ্যা-লিডু এক্সপ্ৰেছত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ।

তিনিচুকীয়া ৰে’ল আৰক্ষী আৰু টাক্স ফ’ৰ্চে চোৰাংচোৱাৰ খবৰৰ ভিত্তিত কামাখ্যা-লিডু এক্সপ্ৰেছত অভিযান চলাই বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে।

লগতে দুগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে৷

ধৃত মহিলা দুগৰাকীৰ পৰা অভিযানকাৰী দলটোৱে ব্ৰাউন চুগাৰভৰ্তি ৩০ টা কন্টেইনাৰ জব্দ কৰে।

ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় ৩.৫০ কোটি টকা বুলি জানিব পৰা গৈছে৷

ব্ৰাউন চুগাৰখিনি ডিমাপুৰৰ কালু নামৰ এজন ড্ৰাগছ মাফিয়াৰ পৰা সংগ্ৰহ কৰি ৰে’লেৰে দুলীয়াজানলৈ বুলি অনা হৈছিল।

কিন্তু অভিযানকাৰী দলটোৱে নিউ তিনিচুকীয়া ষ্টেচনত অভিযান চলাই দুয়োকে আটক কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বেও দুবাৰ একেদৰে ড্ৰাগছ সৰবৰাহ কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ধৃত দুই মহিলাই৷

তিনিচুকীয়া ৰে’ল আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত ধৃত মহিলাদুগৰাকীক জেৰা চলাই আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *