নিউজ ডেস্কঃ লাখ লাখ অনুৰাগীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় লোৱা জনপ্ৰিয় গায়ক-সুৰকাৰ কৃষ্ণকুমাৰ কুন্নাথ ওৰফে কে কেৰ অস্বাভাৱিক মৃত্যুৱে আচম্বিত কৰিছে সকলোকে। কলকতাৰ নজৰুল মঞ্চত এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰাৰ প্ৰায় এঘন্টা পিছতে আকস্মিকভাৱে মৃত্যুৱ সাৱটি লয় ৫৩ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে।
অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে অসুস্থ অনুভৱ কৰি থকা কণ্ঠশিল্পীগৰাকীয়ে অনুষ্ঠান সমাপ্ত কৰি অবেৰয় গ্ৰেণ্ড হোটেললৈ উভতি আহিছিল। তাতেই তেওঁ মেনেজাৰক অস্বস্তি অনুভৱ কৰি থকাৰ বিষয়ে কোৱাত তেওঁক লগে লগে কলকতা মেডিকেল ৰিচাৰ্ছ ইনষ্টিটিউটলৈ লৈ যোৱা হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই শেষ নিশ্বাস ত্যাগ কৰে কে কেয়ে।

কণ্ঠশিল্পী গৰাকীৰ এনে অস্বাভাৱিক মৃত্যু সন্দৰ্ভত কলকতা আৰক্ষীয়ে নিউ মাৰ্কেট আৰক্ষী থানাত এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। বাতৰি অনুসৰি, কে কেৰ মূৰ আৰু শৰীৰৰ অংগত আঘাতৰ চিন পোৱা গৈছে। এই আঘাত তেওঁ অসুস্থ হৈ পৰাৰ পিছত পিচলি পৰি পাইছে নে তাৰ পূৰ্বেই পাইছিল সেই সন্দৰ্ভত তদন্ত চলাইছে আৰক্ষীয়ে।
ইফালে বুধবাৰে পুৱা প্ৰায় ৯ বজাত কলকাতাত উপস্থিত হয় তেওঁৰ পৰিয়াল। তাৰ পিছতে পৰিয়ালৰ সন্মতি আৰু মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া লাভ কৰাৰ পিছত তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। মৰোণত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ পৰিয়ালক গতাই দিয়া হব।
Krishnakumar Kunnath, fondly known as KK, was one of the most versatile singers of the Indian music industry. His soulful voice gave us many memorable songs.
— Rahul Gandhi (@RahulGandhi) June 1, 2022
Saddened by the news of his untimely demise last night. My heartfelt condolences to his family & fans across the world. pic.twitter.com/7Es5qklcHc
নজৰুল মঞ্চত কে কেৰ শ্ব’ৰ এৰেঞ্জাৰ তোষণ ঘোষে কে কেৰ অসুস্থতা সন্দৰ্ভত জানিবলৈ দি কয়, ‘আজি সন্ধিয়া হোটেললৈ উভতি আহোঁতে গাড়ীৰ এয়াৰ কণ্ডিচনাৰটো অন কৰাৰ সময়ত তেওঁ ঠাণ্ডা অনুভৱ কৰি থকাৰ কথা তেওঁৰ সচিব হিতেশ ভাটক জনাইছিল। হোটেলত কেইজনমান অনুৰাগীয়ে তেওঁৰ চেলফি তুলিবলৈ অপেক্ষা কৰি আছিল। তেওঁ ভদ্ৰভাৱে নাকচ কৰি কয় যে তেওঁৰ মনটো ভাল নহয়।’
A voice and talent like no other.. They don't make them like him anymore. Working on the songs he sang was always that much more special. You will always be in our hearts KK and live eternally through your songs. RIP Legend KK #ripkk pic.twitter.com/7UcYnx1WDy
— Emraan Hashmi (@emraanhashmi) June 1, 2022
ঘোষে লগতে কয় যে কে কেয়ে হোটেলৰ কোঠাত প্ৰৱেশ কৰাৰ পিছতে ছোফাত ঢলি পৰিছিল। তাৰ পিছতে তেওঁক মেনেজাৰ হিতেশ ভাটে হাস্পতাললৈ লৈ যায়। কিন্তু হাস্পতাল পোৱাৰ পূৰ্বে মৃত্যুৱ সাৱটি লয় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।









