ৰাষ্ট্ৰীয়

কাশ্মীৰৰ অভিনেত্ৰীৰ হত্যাৰে জড়িত দুই সন্ত্ৰাসবাদীসহ সেনাৰ অভিযানত নিহত ৪জন…

কাশ্মীৰত পুনৰ সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৪ জন লস্কৰ-ই-তৈবা (এল ই টি)ৰ সদস্য।

জম্মু-কাশ্মীৰৰ পুলৱামা আৰু শ্ৰীনগৰ জিলাত দুটা পৃথক সংঘৰ্ষত নিহত হৈছে চাৰি লস্কৰ-ই-তৈবা (এল ই টি) ৰ সন্ত্ৰাসবাদী।

বৃহস্পতিবাৰে নিশা পুলৱামাৰ অৱন্তীপোৰা অঞ্চলৰ অগানহানজিপোৰা অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয়।

image 134

নিহত চাৰি সন্ত্ৰাসবাদীৰ ভিতৰত দুজন হৈছে অভিনেত্ৰী অমৰীন ভাটৰ হত্যাৰ লগত জড়িত।

উল্লেখ্য যে, বুধবাৰে সন্ধিয়া মধ্য কাশ্মীৰ ৰ বাডগাম জিলাৰ চাদুৰাৰ হিছৰু অঞ্চলত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰি হত্যা কৰিছিল টেলিভিছন অভিনেত্ৰীক আমৰীন ভাটক। সন্ধিয়া প্ৰায় ৭.৫৫ বজাত ঘৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হয় আমৰীন ভাট নামৰ অভিনেত্ৰীগৰাকীক। য’ত তেওঁৰ ১০ বছৰীয়া ভতিজাকো আহত হৈছিল।

image 135

নিহত সন্ত্ৰাসবাদী দুজন শ্বাহিদ মুস্তাক ভাট ওৰফে হাফ্ৰু চাদুৰা আৰু ফাৰহান হাবিব ওৰফে হাক্ৰিপোৰা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে এলইটি কমাণ্ডাৰ লেটিফৰ নিৰ্দেশত তেওঁলোকে আমৰীন ভাটক হত্যা কৰিছিল।

তেওঁলোকৰ পৰা এ কে ৫৬ ৰাইফল, ৪ খন আলোচনী আৰু এটা পিষ্টল উদ্ধাৰ কৰা হয়।

আনহাতে, শ্ৰীনগৰ চহৰৰ সৌৰা অঞ্চলত আন এটা সংঘৰ্ষ সংঘটিত হয় য’ত দুজন এলইটি সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হয়।

উল্লেখযোগ্য যে, উক্ত চাৰিজনক ধৰি কাশ্মীৰত বিগত ৩ দিনত ১০ জন সন্ত্ৰাসবাদী নিহত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *