অসমীয়াৰাষ্ট্ৰীয়

সময়তকৈ আগেয়ে গন্তব্যস্থানত উপস্থিত হ’ল ৰে’ল, তাৰ পাছতে ষ্টেশ্যনত ঘটিল এই ঘটনা… ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ সঁচাকৈয়ে বিনন্দীয়া দেশ ভাৰত। এই দেশৰ সভ্যতা, সংস্কৃতি, সংগীত-নৃত্য সকলোবোৰেই একতাৰ এনাজৰীৰে বান্ধি ৰাখে সকলোকে। তাতে আকৌ কোৱা হয় সংগীতৰ কোনো সীমা নাই।

সেহেয়ে মধ্যপ্ৰদেশৰ ৰতলামৰ এটা ৰে’ল ষ্টেছনত গুজৰাটী গৰৱা নৃত্যত প্ৰাণভৰি উপভোগ কৰিলে ষ্টেছনত ৰৈ থকা অংসখ্য যাত্ৰীয়ে।

image 133

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰা ইয়াৰ ভিডিঅ’ই মন চুই গৈছে নেটিজেনৰো। ভাষা-ধৰ্ম-জাতিৰ পৰিধি ভাঙি একেলগে অগণন লোকে এক্ষন্তেক হৰ্ষোল্লাস কৰাৰ দৃশ্য সঁচাই হৃদয়স্পৰ্শী।

জানিব পৰা মতে, ৰতলামৰ ৰে’ল ষ্টেছনৰ ৪নং প্লেটফৰ্মত বুধবাৰে দেখা পোৱা যায় এই দৃশ্য। প্লেটফৰ্মত নিশা ১০.১৫ বজাত উপস্থিত হয় বান্দ্ৰা-হৰিদ্বাৰ যাত্ৰীবাহী ৰে’লখন।

তাৰ পিছতে কিছু সংখ্যক যাত্ৰীয়ে জানিব পাৰে যে ট্ৰেইনখন নিৰ্ধাৰিত সময়তকৈ ২০ মিনিট পূৰ্বেই আহি ষ্টেছনত উপস্থিত হৈছে আৰু ১০ মিনিট তাতে ৰখিব।

এই কথা জানিব পাৰিয়েই কেইজনমান যাত্ৰীয়ে বিৰক্তি দূৰ কৰিবলৈ মোবাইলত গীত লগাই গৰৱা নৃত্য কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছতে ইজন সিজনকৈ ষ্টেছনত ৰৈ থকা যাত্ৰীসকলেও নাচিবলৈ আৰম্ভ কৰে একেলগে।

লাহে লাহে নিশাৰ ষ্টেছনৰ নিৰ্জন পৰিৱেশটো হৰ্ষোল্লাসেৰে জীপাল হৈ পৰে। বহু সংখ্যক লোকে একেলগে মোবাইলত বাজি থকা গীতৰ তালে তালে গৰৱা নৃত্য আৰম্ভ কৰে।

সেই সময়তে উপস্থিত কোনো কোনোৱে মোবাইল কেমেৰাত সেই দৃশ্য বন্দী কৰি সামাজিক মাধ্যমত এৰি দিয়াৰ পিছতে ভাইৰেল হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *