আজিও দেশৰ বাবে তেজ দিব লাগিলে মাদ্ৰাছাত পঢ়া সকলে আগতে দিবঃ বিধায়ক ৰফিকুল ইছলাম

মাদ্ৰাছা বন্ধ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা শব্দটো বিলুপ্ত হ’ব লাগে বুলি কৰা মন্তব্যৰ ওপৰত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে৷

মুখ্যমন্ত্ৰীৰ হাতত ক্ষমতা আছে কাৰণেই দাদাগিৰি কৰি চৰকাৰী মাদ্ৰাছা বন্ধ কৰাব পাৰিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

ৰফিকুল ইছলামে কয়- ‘চৰকাৰী মাদ্ৰাছা বন্ধ কৰিলেও কিন্তু বেচৰকাৰী মাদ্ৰাছা বন্ধ কৰিব নোৱাৰে। এটা সময়ত বৃটিছেও মাদ্ৰাছা বন্ধ কৰিব পৰা নাছিল৷ বৃটিছৰ বিৰুদ্ধে বেছিকৈ মাদ্ৰাছাৰ জন্মহে হৈছিল আৰু সেই মাদ্ৰাছাৰ পৰা স্বাধীনতা যুদ্ধৰ সেনানী ওলাইছিল৷’

আজিও দেশৰ কাৰণে তেজ দিব লাগিলে মাদ্ৰাছাত পঢ়া সকলেই আগত দিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে।

লগতে মাদ্ৰাছাত পঢ়িলে ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰাটো হিমন্ত বিশ্ব শৰ্মাৰ এটা ভুল ধাৰণা বুলিও দোহাৰে জনীয়াৰ বিধায়ক গৰাকীয়ে।

Leave a Comment