শ্ৰম বিভাগৰ ঘোচখোৰ জ্যেষ্ঠ সহায়ক শোণিত কুমাৰ দাসক নিলম্বন।
শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ত শ্ৰম অনুজ্ঞাপএৰ নামত কাৰ্য্যলায়তে উৎকোচ লৈছিল উচ্চ বৰ্গৰ সহায়ক শোণিত দাসে।
একোখন শ্ৰম অনুজ্ঞাপত্ৰ উলিয়াবৰ বাবে চৰকাৰী খৰচ হয় ৩,২০০টকা৷
কিন্ত অভিযোগমতে শোণিত কুমাৰ দাসে একোখন শ্ৰম অনুজ্ঞাপত্ৰৰ নামত বিভিন্ন লোকৰ পৰা সংগ্ৰহ কৰিছিল ৭ হাজাৰকৈ টকা৷
শোণিত দাসে বিচৰা ধন কাৰ্য্যালয়ত দিবলৈ আহি এজন ঠিকাদাৰে নিজৰ গোপন মোবাইলত বন্দী কৰি লৈছিল ধন লোৱাৰ সমগ্ৰ দৃশ্যাংশ৷
ইয়াৰ পিছতে শোণিত দাসৰ এই ঘোচ লোৱা কাণ্ড ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত।

তাৰ পিছতে তাৎক্ষণিকভাৱে বিভাগৰ ফালৰ নিলম্বন কৰা হয় বিষয়াগৰাকীক৷









